সমসাময়িক ৰাজনীতিৰ ইতিহাস খুঁচৰিলে দেখা যায় যে অসমৰ ৰাজনীতি সদায়ে ‘ভাইব্ৰেণ্ট’ (vibrant) অৰ্থাৎ পৰিৱৰ্তনশীল।ইয়াত দীৰ্ঘকালজুৰি কোনো নেতাই ৰাইজৰ দৃষ্টি সম হাৰত আকৰ্ষণ কৰি থাকিব পৰা নাই। কোনো ৰাজনৈতিক নেতাই একছত্ৰীভাৱে বেছি কাল ৰাইজৰ মন-মানসিকতা দখল কৰি থাকিব পৰা নাই।
প্ৰত্যেকেই সমকালীন অন্য কোনোবাৰ সৈতে কৃতিত্বৰ ভাগ-বতোৱাৰা কৰিবলগীয়া হৈছে।এইক্ষেত্ৰত হিতেশ্বৰ শইকীয়া কিছু ব্যতিক্ৰম আছিল যদিও তেওঁৰ ওপৰত আছিল সকলো সময়তে গান্ধী পৰিয়ালৰ ছায়া।প্ৰফুল্ল মহন্তৰ সৈতে কৃতিত্বৰ ভাগ ল’বলৈ আছিল ভৃগু ফুকন।তৰুণ গগৈ প্ৰায় হেৰাই গৈছিল বিদ্ৰোহী হিমন্ত বিশ্বৰ চমকপ্ৰদ উত্থানত।পিছে এইক্ষেত্ৰত এশ শতাংশই একক আৰু অনন্য হিমন্ত বিশ্ব শৰ্মা।
নিজৰ দলৰ ভিতৰৰ পৰা তেওঁৰ সৈতে সাফল্যৰ কৃতিত্বৰ দাবীদাৰ কোনো নাই।সোণোৱালৰ মুখ্যমন্ত্ৰীত্বৰ কালতো সকলোৰে দৃষ্টি নিবদ্ধ আছিল হিমন্তবিশ্বৰ ওপৰতেই। আৰু এতিয়াও কথাবোৰ একে।আৰু এইভাৱে সকলো সময়তে সংবাদ মাধ্যমৰ পৰা আৰম্ভ কৰি হাট-বজাৰৰ সাধাৰণ জনতালৈকে সকলোৰে দৃষ্টি আকৰ্ষণ কৰি থকা হেতুকেই মানুহে চৰকাৰখনৰ অইন মন্ত্ৰী, নেতা আদিৰ কাম-কাজলৈ বিশেষ নজৰ নিদিয়ে। ফলত সাফল্যৰ গৌৰৱ আৰু বিফলতাৰ গ্লানি – – – এই সকলোবোৰ সহি ল’বলগীয়া হয় কেৱল এজন মানুহেই। তেওঁ হ’ল হিমন্ত বিশ্ব শৰ্মা।
যি নহওঁক, প্ৰায় এক দশকজোৰা আকাংক্ষা পূৰাই হিমন্তবিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ’ল অসমৰ।চৰকাৰৰ এমাহ পূৰ্তিও হ’ল।স্বাভাৱিকতেই মানুহে নজৰ ৰাখিছিল মুখ্যমন্ত্ৰী হিচাপে হিমন্তবিশ্ব শৰ্মাৰ কাম-কাজত।দেখা গৈছে যে কিছুসংখ্যক মানুহ চৰকাৰৰ কাম-কাজত অতিশয় উৎসাহী হৈছে। কিছু সংখ্যকে আকৌ কৈছে, ‘একো লাভ নাই, এইবোৰ চমক! শেষত সকলোবোৰ একেই ওলায়’! তথাপি নিৰুৎসাহক প্ৰশ্ৰয় দিয়াৰ সলনি আমি এক নিৰপেক্ষ দূৰত্বত ৰৈ চৰকাৰৰ (হিমন্তবিশ্বৰ বুলিও ক’ব পাৰি) কাম-কাজৰ বিশ্লেষণ কৰি চাইছো। এই এমাহত নো শৰ্মাৰ চৰকাৰে কি কি কৰিলে- –
প্ৰথমেই ক’ব লাগিব ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানৰ কথা। ৰাজ্যত নতুন চৰকাৰে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতেই নিচাযুক্ত ড্ৰাগছৰ বিৰুদ্ধে আৰম্ভ হৈছে তীব্ৰ অভিযান। ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে অতি তৎপৰতাৰে অভিযান চলাই নিদ্ৰাহৰণ কৰিছে ড্ৰাগছ মাফিয়া চক্ৰৰ।
অৱশ্যেই এনেকুৱাও নহয় যে ৰাজ্যত ড্ৰাগছৰ প্ৰচলন সৌ সিদিনাৰ পৰাহে আৰম্ভ হৈছে।দক্ষিণ- পূব এছিয়াৰ পৰা ইউৰোপৰ ভিন্ন প্ৰান্তলৈ ড্ৰাগছ সৰবৰাহৰ ট্ৰেনজিট পইণ্ট হিচাপে সদায়ে ব্যৱহাৰ হৈ আহিছে উত্তৰ-পূৰ্বাঞ্চল, বিশেষকৈ অসম।তথাপি অজানা কাৰণত ড্ৰাগছ মাফিয়া চক্ৰৰ বিৰুদ্ধে ইমান দিনে চৰকাৰ, প্ৰশাসন কিম্বা আৰক্ষীয়ে নীৰৱতাকে উত্তম ধৰ্ম বুলি জ্ঞান কৰি আহিছিল।যি নহওঁক, শেহতীয়াকৈ হ’লেও চৰকাৰ আৰু আৰক্ষী প্ৰশাসন ড্ৰাগছৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে আৰু এয়া ৰাজ্যবাসীৰ বাবে আশাৰ খবৰ।এয়া নিসন্দেহে হিমন্ত বিশ্বৰ ক্ৰেডিট।অইনে নকৰা কাম এটা তেওঁৰ আমোলত হ’ল।
কেৱল নিচাযুক্ত ড্ৰাগছেই নহয় কয়লা আৰু গো ছিণ্ডিকেট চক্ৰৰ বিৰুদ্ধেও জোৰ তদন্ত চলিছে।গো ছিণ্ডিকেট চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে ডি এছ পি পৰ্যায়ৰ বিষয়া।
হিমন্তবিশ্ব মুখ্যমন্ত্ৰীৰ আসনত বহাৰ পিছতেই যেন সামান্য নৰম হৈছে পৰেশ বৰুৱাও। আলফা (স্বাধীন) আৰু চৰকাৰৰ মাজত আলোচনাও শীঘ্ৰেই আৰম্ভ হ’ব বুলি খবৰ ওলাইছে।এয়া সম্ভৱ হ’লে হিমন্তবিশ্ব শৰ্মাৰ বাবে হ’ব বৃহৎ ৰাজনৈতিক আৰু কুটনৈতিক সফলতা।পৰেশ বৰুৱা আলোচনালৈ আহিলে হিমন্তবিশ্বৰ ৰাজনৈতিক প্ৰতিষ্ঠাই এক নতুন ‘মাইলেজ’ লাভ কৰাটো খাটাং।পৰেশ বৰুৱাই হিমন্তবিশ্ব শৰ্মাৰ আহ্বানত অপহৃত ৰিতুল শইকীয়াক মোকলাই দিয়া কথাটোক মুখ্যমন্ত্ৰীৰ বিশেষ সাফল্য বুলি সকলোৱে একেমুখে মানিছে।
ইফালে এন আৰ এল তো অসম চৰকাৰৰ অংশীদাৰিত্ব ২৬ শতাংশলৈ বৃদ্ধি পাইছে। ই ৰাজ্যৰ অৰ্থনীতিত সুদুৰপ্ৰসাৰী ধনাত্মক প্ৰভাৱ পেলাব।
বি টি আৰ ত স্থানীয় প্ৰশাসনক অধিক ক্ষমতা আৰু স্বতন্ত্ৰতা প্ৰদানৰো যো জা চলিছে।আৰক্ষী বিভাগৰো আমুল পৰিৱৰ্তন ঘটোৱা হৈছে।
এনে সাফল্যৰ বিপৰীতে মন্ত্ৰী সঞ্জয় কিষাণ আৰু অশোক সিংঘালৰ দপ্তৰত সংঘটিত দুৰ্নীতিৰ খবৰে দাগ লগাইছে এমহীয়া চৰকাৰত।বজাৰত বস্তুৰ দাম আকাশ লংঘী হৈছে যদিও যোগান মন্ত্ৰীয়ে কোনো প্ৰত্যয়জনক উত্তৰ জনতাক দিব পৰা নাই। শিশুক যৌন নিৰ্যাতনৰ ঘটনাত জড়িত ব্যক্তিক আকৌ এখন জিলাৰ আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব ন্যস্ত কৰি গুৱাহাটীৰ পৰা পঠিওৱা হৈছে। এন আৰ চি আৰু অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰতো চৰকাৰখনৰ স্থিতি বৰ বেছি দৃঢ় নহয় যাৰ বাবে বিভিন্ন দল-সংগঠনৰ সমালোচনাৰ মুখামুখি হ’ব লগীয়া হৈছে চৰকাৰে।
ক’ভিডে বিধ্বস্ত কৰা অৰ্থনীতিক সম্বল কৰি প্ৰায় ২৬ লাখ নিবনুৱা থকা এইখন ৰাজ্যত মুখ্যমন্ত্ৰী হিচাপে হিমন্তবিশ্ব শৰ্মাৰ দায়িত্ব স্বাভাৱিকতেই আহি থকা দিনত আৰু অধিক কণ্টকপূৰ্ণ হ’ব।ৰাজ্যখনৰ আন্ত:গাঁথনি নিৰ্মাণ কৰিব লাগিব তেওঁ। নিবনুৱাক সংস্থাপন দিব নোৱাৰিলে হিতাধিকাৰী আৰু ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰে প্ৰতিবাৰেই সৰকি যাব পৰা নাযাব বুলি এইবাৰৰ নিৰ্বাচনী ফলাফলে নিসন্দেহে বুজাই দিছে। প্ৰমাণ হৈ গৈছে যে ধৰ্মীয় মেৰুকৰণৰ যি ৰাজনীতি চলিছে সেই ৰাজনীতিত হিমন্তবিশ্বৰ বিপক্ষ মহলো এতিয়া দুৰ্বল হৈ থকা নাই।মহাজোঁটে হৈ যোৱা নিৰ্বাচনত তেওঁলোকৰ ‘ষ্ট্ৰেটেজি’ বুজাই দিছে। নতুন ৰাজনৈতিক দল দুটাই সমষ্টিবিশেষে বিজেপি বিৰোধী ভোট হজম কৰি সহায় নকৰাহেঁতেন অতি কমেও দহ-বাৰটা সমষ্টিত বিজেপিৰ জয় প্ৰায় অসম্ভৱ আছিল।অৰ্থাৎ কথাবোৰ ৰাজনৈতিকভাৱেও হিমন্তবিশ্বৰ বাবে সিমান উজু হৈ থকা নাই। প্ৰত্যাহ্বান আহিছে। আৰু এই প্ৰত্যাহ্বান ৰোধ কৰিবলৈ হ’লে নতুন চৰকাৰে কাম কৰিব লাগিব। কেৱল কাম কৰিব লাগিব। নতুন প্ৰজন্মৰ আশা-আকাংক্ষাবোৰ পূৰাব লাগিব। অন্যথা অহাবাৰ যে ‘খেলা ‘টাফ’ হ’বে’ সেয়া নিশ্চিত!