জুলাই মাহৰ মাজভাগতে অসমৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা অনুষ্ঠিত হ’ব। বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে পৰীক্ষা পতাৰ পক্ষত আছে শিক্ষাৰ্থীসকলৰ অভিভাৱক। লগতে কেইবাটাও ছাত্ৰ সংগঠনো পৰীক্ষা অনুষ্ঠিত কৰাৰ পক্ষত আছে। গতিকে ১৫ৰ পৰা ২০ জুলাইৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰাৰ চিন্তা-চৰ্চা কৰা হৈছে। জুলাই মাহলৈ ক’ৰোনা পৰিস্থিতিও উন্নত হোৱাৰ আশা প্ৰকাশ কৰিছে।
আক্ৰান্তৰ হাৰ যদি ২ শতাংশৰ তলত থাকে তেন্তে অনুষ্ঠিত হ’ব পৰীক্ষা।