মণিপুৰ আৰক্ষী আইন শৃংখলা শাখাৰ ডি আই জিৰ কামাণ্ডো দলৰ ওপৰত ননে জিলাত বুধবাৰে বিয়লি সন্দেহজনক বিদ্ৰোহীয়ে এম্বুছৰে আক্ৰমণ কৰে| আক্রমণ কৰাৰ ফলত মণিপুৰৰ এগৰাকী কামাণ্ডো জোৱান গুৰুত্বভাৱে আহত হৈছে। উল্লেখযোগ্য যে ননে জিলাৰ মণিপুৰৰ ৰেংপাঙ গাঁৱৰ সমীপত আৰক্ষী কনভয়ৰ ওপৰত পূৰ্বৰে পৰা বিদ্ৰোহীয়ে গ্ৰেণেডেৰে আক্ৰমণ চলায় আহিছে।
জানিব পৰা মতে, ৰেংপাঙ গাঁওবাসীৰ সৈতে মণিপুৰ আৰক্ষীৰ ডি আই জি গৰাকীয়ে এখন বৈঠক কৰি ৰাজধানী ইম্ফললৈ উভতি অহাৰ সময়তে বিদ্রোহি সকলে এনেদৰে ভয়ংকৰ আক্ৰমণ চলায়।
কিন্তু, সৌভাগ্য ক্রমে সেই আৰক্ষী কনভয়টোত ডি আই জি গৰাকী নাছিল। ঘটনাটো বুধবাৰে বিয়লি ৪:৩০বজাত সংঘটিত হৈছিল। গ্ৰেণেড আক্ৰমণত ৰাইফল মেন শশী নামৰ আৰক্ষী কামাণ্ডো গৰাকী গুৰুতৰ ভাৱে আহত হয়। এই ঘটনাৰ পিছতে মণিপুৰ আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ বিদ্ৰোহী বিৰুদ্ধে ব্যাপক অভিযান আৰম্ভ কৰিছে।