দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সুখচৰত এক লোমহৰ্ষক ঘটনা সংঘটিত হৈছে। গৰু-ছাগলীয়ে খেতি নষ্ট কৰাৰ বাবে দুটি শিশুক ডিঙি চেপি হত্যা কৰে। বৃহস্পতিবাৰে সংঘটিত হোৱা এই ঘটনাৰ পিছতে অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
স্থানীয় ৰাইজে জনোৱা অনুসৰি, দক্ষিণ শালমাৰা-মানকাচৰ জিলা সদৰ-হাটশিঙিমাৰীৰ পাৰ্শ্বৱৰ্তী সুখচৰ বেৰাভাঙা চৰত একেটা পৰিয়ালৰে ২ ভাতৃক হত্যা কৰি নদীত পেলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। গৰু-ছাগলীয়ে খেতি নষ্ট কৰাক লৈ ২ পৰিয়ালৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হৈছিল।
এই কাজিয়াৰ পৰিণতিতে আলিউল ইছলাম, ছাইদুৰ ৰহমান আৰু আঞ্জুআৰা বেগম নামৰ লোককেইগৰাকীয়ে মিলি এই হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে।
এই ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শূন্যলৈ গুলীচালনা কৰে আৰক্ষীয়ে। অভিযুক্ত ছাইদুৰ ৰহমান নামৰ লোকজনৰ ঘৰত অগ্নিসংযোগ ৰাইজৰ। আৰক্ষীয়ে অভিযুক্ত আটক কৰিবলৈ সক্ষম নোহোৱাত ক্ষুব্ধ স্থানীয় ৰাইজ তথা দল-সংগঠনসমূহ।