নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক দত্তৰ নেতৃত্বত যোৱা এট অভিযানকাৰী দলে নিশা নগাঁও চহৰৰ মৰিকলঙৰ এটা ভাড়াঘৰত অভিযান চলাই বুজন পৰিমাণৰ জাল নোট জব্দ কৰাৰ লগতে এগৰাকী নগা যুৱতীসহ দুজন যুৱকক গ্ৰেপ্তাৰ কৰে।
আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ছিলঙনিৰ দিলদাৰ হুছেইন, আলম চৌধুৰী আৰু নাগালেণ্ডৰ লিখুমলা।
আৰক্ষীয়ে জব্দ কৰা টকাখিনিৰ পৰিমান প্ৰায় ৩ লাখ টকা। আৰক্ষী সূত্ৰে জানিব পৰা মতে এই জাল নোটখিনি অৰুণাচলৰ ইটানগৰলৈ নিবলৈ পৰিকল্পনা কৰিছিল। এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে এই জাল নোটখিনি জব্দ কৰিবলৈ সক্ষম হয় ।
সম্প্ৰতি নগাঁও আৰক্ষীয়ে অধিক তথ্য উদঘাটনৰ বাবে তিনিওকে জেৰা অব্যাহত ৰাখিছে। উল্লেখ্য ৰাজ্যত চলি থকা ক’ভিড প্ৰ’টকল অনুসৰি বহিঃৰাজ্যৰ যাতায়ত ব্যৱস্থা বন্ধ থকাৰ সময়ত নাগালেণ্ডৰ যুৱতীগৰাকী কেনেকৈ নগাঁও পালেহে সেয়া এক ডাঙৰ প্ৰশ্ন?