গুৰু-শিষ্যৰ সম্পৰ্কত কালিমা সানিলে এগৰাকী শিক্ষকে। প্ৰধান শিক্ষকে ছাত্ৰীক যৌন নিৰ্যাতন কৰাৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে। ঘটনাটোক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি।
এই জঘন্য ঘটনাটো সংঘটিত হৈছে ধুবুৰী জিলাৰ সাতসিয়াত।
সাতসিয়া জনকল্যাণ হাইস্কুলৰ প্ৰধান শিক্ষক জালাল উদ্দিনৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে। প্ৰধান শিক্ষক জালাল উদ্দিনৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ।
ক’ভিডৰ বাবে বিদ্যালয় বন্ধ থকা অৱস্থাত প্ৰধান শিক্ষক জালাল উদ্দিনে নৱম শ্ৰেণীৰ কোনো পত্ৰ পূৰণ কৰিবৰ বাবে ছাত্ৰীগৰাকীক বিদ্যালয়লৈ মাতি আনিছিল। পিছত সুযোগ বুজি ছাত্ৰীগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।
ইয়াৰ পিছতে লৈ বিদ্যালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাৰ পিছতে স্থানীয় ৰাইজে উত্তম মাধ্যম শোধাই শিক্ষকজনক গতালে আৰক্ষীক । ফকিৰগঞ্জ থানাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।