ডাঃ সেউজ সেনাপতিক প্ৰহাৰ কৰা ঘটনাৰ সৈতে জড়িত মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে। হোজাইৰ ফুলতলিৰ পৰা গ্ৰেপ্তাৰ কৰে অভিযুক্তক। বৃহস্পতিবাৰে নিশা গ্ৰেপ্তাৰ হোৱা মূল অভিযুক্তৰ নাম হিলাল উদ্দিন।
উল্লেখ্য ১ জুনত কৰ্তব্যৰ সময়তে ক’ভিড কেয়াৰ চেণ্টাৰত চিকিৎসক ডাঃ সেউজ সেনাপতিক কেইবাজনো লোকৰ এটা দলে আক্ৰমণ কৰিছিল। ক’ৰোনা ৰোগীৰ মৃত্যু হোৱা আক্ৰমণ কৰিছিল চিকিৎসকগৰাকীক।
উদালী কাণ্ডত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা ২৯ জনলৈ বৃদ্ধি।