ভাৰতৰ ষ্টকব্ৰকিং প্লেটফৰ্ম জিৰোধাৰ সহ: প্ৰতিষ্ঠাপক তথা দেশৰ কনিষ্ঠতম কোটিপতি নিখিল কামাথে পাঁচবাৰৰ বিশ্ব দবা চেম্পিয়ন বিশ্বনাথন আনন্দক এখন অনলাইন দবা খেলত পৰাস্ত কৰে । কিন্তু খেলখনত নিৰপেক্ষ নীতি উলংঘা কৰাৰ বাবে আয়োজকে তেওঁৰ একাউণ্ট খেল শেষ হোৱাৰ পিছতে নিলম্বিত কৰে।
ক’ভিডৰ বাবে পুঁজি সংগ্ৰহ কৰিবলৈ আয়োজন কৰা এই খেলত আনন্দে একেসময়তে আমিৰ খান, অৰিজিত সিং আৰু ৰিতেশ দেশমুখৰ দৰে চেলিব্ৰেটীৰ বিৰুদ্ধেও খেলিছিল। প্ৰদৰ্শনী অনুষ্ঠানত প্ৰাক্তন বিশ্ব চেম্পিয়নক পৰাস্ত কৰা কামাথ একমাত্ৰ অংশগ্ৰহণকাৰী আছিল।
অৱশ্যে, বহুতো দবা অনুৰাগীয়ে এই বিজয়ক ভুল আখ্যা দি দাবী কৰিছিল যে ব্যৱসায়ীজনে খেলখনত অন্যায়ৰ প্ৰশ্ৰয় লৈছিল। খেলখন সমাপ্ত হোৱাৰ কেইঘণ্টামান পিছতে উদ্যোক্তাই খেলৰ নীতি উলংঘা কৰাৰ অপৰাধত কামাথৰ একাউণ্ট বন্ধ কৰি দিছিল ।