বলিউডৰ মোহময়ী অভিনেত্ৰী নীনা গুপ্তাৰ আত্মজীৱনী ‘ছশ কহু তো’ প্ৰকাশৰ পিছতেই হৈ পৰিছে বিশেষভাৱে চৰ্চিত। তেওঁ নিজৰ আত্মজীৱনীত উল্লেখ কৰিছে কিংবদন্তি ৱেষ্ট ইণ্ডিয়ান ক্ৰিকেটাৰ ছাৰ ভিভিয়ান ৰিচাৰ্ডছৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কৰ কথা । বিবাহিত ৰিচাৰ্ডছ আৰু নীনা গুপ্তাৰ প্ৰেমৰ চিনস্বৰূপে তেওঁলোকৰ মাজলৈ আহিছিল মাছাবা গুপ্তা ।
নীনা গুপ্তা আৰু ভিভ ৰিচাৰ্ডছৰ প্ৰেমৰ আৰম্ভণী হৈছিল ৮০ দশকৰ শেষৰ ফালে।১৯৮০ চনত এটা শৃংখলাৰ বাবে ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলটোৱে ভাৰত ভ্ৰমণ কৰিছিল আৰু ৱেষ্ট ইণ্ডিজ দলৰ অধিনায়ক আছিল ছাৰ ভিভিয়ান ৰিচাৰ্ডছ। সেই সময়ত ভিভিয়ান ৰিচাৰ্ডছ বিবাহিত হোৱাৰ উপৰিও দুটি সন্তানৰ পিতৃও আছিল। নীনা গুপ্তাই মুম্বাইৰ এক বিলাসী পাৰ্টিত ভিভিয়ানক লগ পাইছিল। এই পাৰ্টিতে তেওঁলোকৰ মাজত বন্ধুত্বৰ সম্পৰ্ক গঢ় লৈ উঠে যি পিছলৈ পৰ্যবসিত হয় প্ৰেমৰ সম্পৰ্কলৈ।
এই প্ৰেমৰ চিনস্বৰূপে নীনা গুপ্তা বিবাহপূৰ্বেই গৰ্ভৱতী হৈছিল কিন্তু ভিভিয়ানৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাটো তেওঁৰ বাবে সম্পূৰ্ণ অসম্ভৱ আছিল। নীনা গুপ্তাই এক আঢ্যৱন্ত পৰিয়ালৰ পৰা আহি বলিউডত খোজ পেলাইছিল। তথাপি সমাজ ব্যৱস্থাক প্ৰত্যাহ্বান জনাই তেওঁ জন্ম দিছিল মাছাবাক। যি নহওঁক, নীনাৰ আত্মজীৱনী প্ৰকাশৰ পিছতে পোহৰলৈ অহা এই প্ৰেম কাহিনীয়ে এতিয়া খলকনি তুলিছে দুয়োৰে অনুৰাগীৰ মাজত।