ৰাজ্যিক ব’ৰ্ডৰ সমূহ পৰীক্ষা বাতিল হ’ল। সেয়ে এতিয়া ছাত্ৰ-ছাত্ৰীক কি আৰ্হিৰ ভিত্তিত ফলাফল প্ৰদান কৰা যায় তাৰ সূত্ৰ উদ্ধাৰত ব্যস্ত হৈছে চৰকাৰ।ইতিমধ্যেই হাইস্কুল শিক্ষান্ত, হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা বাতিলৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰীক কিদৰে ফলাফল প্ৰদান কৰিব সেই বিষয়ে আৰ্হি প্ৰস্তুত কৰিবলৈ ৰাজ্য চৰকাৰে গঠন কৰিছে দুখন কমিটি। দুয়োখন কমিটিতে একোজনকৈ অধ্যক্ষসহ থাকিব ৯ জনকৈ সদস্য।
ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ পূৰ্বৰ উপাচাৰ্য ড০ অলোক বুঢ়াগোঁহাই হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ বাবে গঠন কৰা কমিটিখনৰ অধ্যক্ষ।কমিটিখনত সদস্য হিচাপে আছে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন, এছ এন দাস, প্ৰসন্ন বৰা, ৰঞ্জিত দাম, হাকিম তৰফদাৰ, চি বি ৰায়, মৃণাল খাউণ্ড আৰু ছেবাৰ সচিব সুৰঞ্জনা সেনাপতি।
আনহাতে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দীপক কুমাৰ শৰ্মা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বাবে গঠন কৰাৰ কমিটিৰ অধ্যক্ষ।এই কমিটিত সদস্য হিচাপে আছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ, নিবেদিতা লস্কৰ, ড০ এছ এন বৰ্মন, ড০ এছ বৰকটকী, ইদ্ৰীছ আলি, ৰতন পাল, দীপক চৌধুৰী আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব।