কম্পিউটাৰ এন্টিভাইৰাছ ছফ্টৱেৰ নিৰ্মাতা জ’ন মেকফীৰ আত্মহননৰ খবৰে এতিয়া সমগ্ৰ বিশ্বতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।খবৰ অনুসৰি স্পেইনৰ এখন জে’লত আত্মহত্যা কৰিছে মেকফীয়ে। তেওঁ আত্মহত্যা কৰাৰ দিনটোতে তেওঁক স্পেইনৰ ন্যায়ালয়ে কৰ চুৰিৰ গোচৰত আমেৰিকা যুক্তৰাষ্ট্ৰক প্ৰত্যাৰ্পণ কৰাৰ বাবে মঞ্জুৰি প্ৰদান কৰে। ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পাছতেই জ’নে আত্মহননৰ পথ বাচি লয় বুলি বহুতৰে সন্দেহ।
উল্লেখ্য যে, বুধবাৰে দিনৰ ২ বজাত জ’ন মেকফীৰ মৃতদেহ উদ্ধাৰ কৰে জে’ল কৰ্তৃপক্ষই। স্পেইনৰ জে’ল কৰ্তৃপক্ষৰ তথ্য অনুসৰি প্ৰাৰম্ভিক তদন্তত এয়া আত্মহত্যা বুলি স্পষ্ট হৈছে। উল্লেখ্য যে, ৭৫ বছৰীয়া মেকফী আমেৰিকাত কৰ চুৰি কৰাৰ গোচৰত অভিযুক্ত আছিল।যি অপৰাধত দোষী সাব্যস্ত হ’লে ৩০ বছৰৰ বাবে তেওঁ কাৰাবন্দী হৈ থাকিবলগীয়া হ’লহেঁতেন।