লখিমপুৰৰ উত্তৰ লখিমপুৰ মহাবিদ্যালয়, যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয় আৰু নগাঁওৰ নগাঁও মহাবিদ্যালয়ক পূৰ্ণ স্বায়ত্ব শাসন প্ৰদানৰ নিৰ্দেশ দিয়া হৈছে।
নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়নৰ অংশ হিচাপে এই তিনিখন মহাবিদ্যালয়ক পূৰ্ণ স্বায়ত্ব শাসন প্ৰদানৰ বাবে নিৰ্দেশ দিয়া হৈছে। প্ৰক্ৰিয়াৰ অংশ হিচাপে ইতিমধ্যেই যিমান সম্ভৱ সিমান সোনকালে উক্ত মহাবিদ্যালয় কেইখনৰ খালী থকা সকলো প্ৰবক্তা, অধ্যাপকৰ পদ পূৰ কৰিবলৈ নিৰ্দেশ দিছে ৰাজ্যপালে।