জীৱনৰ সৰহভাগ সময় আমি অইনে আমাৰ বিষয়ে কি ভাবে সেয়া চিন্তা কৰিয়েই কটাই দিও। আমাৰ কাম-কাজ, আমাৰ সাজ-পোছাক, আমাৰ জীৱন ধাৰণৰ আদৱ-কায়দা ইত্যাদি মূলত অইনে আমাৰ বিষয়ে কি ভাবিব পাৰে বা কি ভাবে সেই ধাৰণাটোক কেন্দ্ৰ কৰিয়েই পৰিচালিত হয়। এক কথাত আমি অইনে ভাল বুলিব পৰা, অইনে ঈৰ্ষা অথবা সমীহ কৰিব পৰা এক ভাৱমূৰ্তি বিচাৰিয়েই কাম-কাজ কৰো, শিক্ষা দীক্ষা লওঁ অথবা দৈনন্দিন জীৱনটোক গঢ় দিও।এই যে অনিশ্চাসত্বেও আমাৰ বহুতেই একেবাৰে আগ্ৰহ নথকা ক্ষেত্ৰ এখনতো নিজৰ কেৰিয়াৰৰ সন্ধান কৰিবলগীয়া হয়, এই যে নিজৰ হাতত অপাৰ প্ৰতিভা আৰু সম্ভাৱনা থকা সত্বেও বহু উদ্যমী যুৱক-যুৱতীয়ে নিজা ব্যৱসায় বাণিজ্যৰ কথা চিন্তা কৰাৰ সলনি এটা চৰকাৰী চাকৰিৰ বাবে হামৰাও খাই ফুৰিবলগীয়া হয়,এই যে অসম আৰ্হিৰ তিনিটি কোঠাৰ ঘৰ এটা হ’লেই জীৱনটো সুখে-সন্তোষে চলি যাব বুলি জানিও মানুহে ধাৰত পোত গৈ হ’লেও এটা দুমহলীয়া ঘৰ সাজে, এই যে বনকৰা বাই এজনীও হৈ পৰে কিছুমানৰ ষ্টেটাছ চিম্বল তাৰ কাৰণো কিন্তু অইনৰ দৃষ্টিত এখন উচ্চ আসন প্ৰাপ্তিৰ হাবিয়াসেই।আৰু এই হবিয়াস, অইনৰ দৃষ্টিক সন্তুষ্ট কৰিব বিচৰাৰ প্ৰৱণতাই আমাৰ বেছিভাগ মানুহৰ সমস্ত অসূয়া-অশান্তি, আৰ্থিক স্বাছন্দ্যহীনতাৰ মূল কাৰণ। বহু সময়ত সেইবাবেই সুখৰ চাবি কাঠি আমাৰ নিজৰ হাতত নাথাকে, আমাৰ সুখক নিয়ন্ত্ৰণ কৰিবলৈ লয় আমাৰ পাৰিপাৰ্শ্বিকে, আমি বাস কৰা সমাজখনে।আমাৰ অসুখৰ কাৰণ সেয়াই।
আনে আমাৰ বিষয়ে কি ভাবিব পাৰে সেই লৈ সচেতন হৈ থকাৰ ফলতেই আমি নিজৰ বিষয়ে ভাবিবলৈকে পাহৰি পেলাও। বহু সময়ত আমাৰ নিজৰ বিষয়ে কোনো ধাৰণাই নাথাকে।নিজৰ বিষয়ে এক ধূসৰ ধাৰণা লৈয়েই আমি জীৱনটো কটাই দিও। সমাজৰ চকুত সফল হ’বলৈ গৈ আমি যেন তেন প্ৰকাৰেণ চৰকাৰী চাকৰি এটা গোটাই লোৱাটোকেই জীৱনৰ প্ৰথম আৰু শেষ উদ্দেশ্য কৰি পেলাও আৰু প্ৰতি পলতে হত্যা কৰি যাওঁ আমাৰ ভিতৰৰ সংবেদনশীল মানুহজনক।আমি আমাৰ প্ৰতিভা নিজ হাতে ধ্বংস কৰো, একপ্ৰকাৰ সমাজক সুখী কৰি ৰখাৰ স্বাৰ্থতেই আমি সেয়া কৰো, কিয়নো সৃষ্টিশীল মানুহজনক সমাজখনেই অৱজ্ঞাৰে কয় বোলে- – ওহ, তুমি নাটকহে কৰা নেকি অথবা ওহ, তুমি ছৱিহে অঁকা নেকি? ব্যক্তিৰ সৃষ্টিশীলতা ধ্বংস কৰিবলৈ এখন ষ্টেৰিঅ’টাইপিক সমাজ সদা সৰ্বদা সচেষ্ট হৈ থাকে। সেই সমাজৰ হেঁচাত আমি নিজৰ বিষয়ে ভাবিবলৈ পাহৰি পেলাও। এই সমাজখনত প্ৰতিজন মানুহেই যেন প্ৰতিজনৰে এক অঘোষিত প্ৰতিদ্বণ্ডী। শইকীয়া ডাঙৰীয়াই তিনি মহলীয়া ঘৰ এটা সাজিলে বাবেই বৰুৱাৰ ঘৰটো চাৰিমহলীয়া হোৱাটো জৰুৰী। এক অঘোষিত প্ৰতিযোগিতা সৰ্বত্ৰ চলি থাকে আৰু এই প্ৰতিযোগিতাৰ কোনো ধৰণৰ বৌদ্ধিক মূল্য নাই। সংগ্ৰহত দুখন ভাল কিতাপ ৰখাৰ বাবে কোনেও প্ৰতিযোগিতা কৰা নাই, ঘৰৰ সন্মুখত এখন ধুনীয়া ফুলনি, দুডাল আপুৰুগীয়া গছৰ বাবে কোনো চুবুৰীয়াৰ মাজত প্ৰতিযোগিতা নাই। প্ৰতিযোগিতা কেৱল বৈষয়িক প্ৰাপ্তিৰ বাবে আৰু এইহেন প্ৰতিযোগিতাৰ যুগত মানুহে নিজৰ বিষয়ে ভাবিবলৈ আহৰি নোপোৱাটোৱেই স্বাভাৱিক। এয়া অৱশ্যেই চৰম ট্ৰেজেদি যে আমি সদায়ে মনেৰে এক অকলশৰীয়া জীৱন যাপন কৰো, নিজানত ৰৈ অকণমান দ’কৈ ভবা মানুহমত্ৰেই অনুভৱ কৰিব পাৰে যে এই পৃথিবীত নিজৰ বাহিৰে মানুহৰ অইন কোনো সংগ নাই , অনুভৱ কৰিব পাৰে যে এই পৃথিবীত মানুহমাত্ৰেই অকলশৰীয়া; অথচ আমি যাক সুখী কৰিব বিচাৰো সেইজন আমি নিজে নহও। আমি সমাজৰ দহজনৰ সন্মুখত নিজৰ তথাকথিত সাফল্যৰ নিচান উৰুৱাব বিচাৰো, আৰু নিজৰ হৃদয়ৰ পৰাই উচ্ছেদ কৰো নিজৰ ভালপোৱাবোৰক।
আচলতে অইনে আমাৰ বিষয়ে কি ভাবে সেই লৈ মূৰ ঘমোৱাতকৈ আমি নিজেনো নিজৰ বিষয়ে কি ভাবো সেয়া চিন্তা কৰাটো অধিক জৰুৰী। নিজৰ বিষয়ে এক উচ্চ ধাৰণা আমাৰ প্ৰত্যেকৰে থাকিব লাগে। আৰু এই উচ্চ ধাৰণাৰ ভেটি হ’ব লাগে নিজে আহৰণ কৰা জ্ঞান, অভিজ্ঞতা আৰু জীৱন দৰ্শন।সেয়া নহ’লে উচ্চ ধাৰণাই আত্মবিশ্বাসৰ জন্ম নিদিয়ে, জন্ম দিব অহংকাৰৰ। অৱশ্যেই নিজৰ বিষয়ে এক উচ্চ ধাৰণা ল’ব পৰাতো মুখৰ কথা নহয়। এজন লোক সঁচাকৈয়ে সৎ হয়নে নহয়, এজন লোক সঁচাকৈয়ে মেৰুদণ্ড পোন কৰি জী থকা লোক হয় নে তৈলমৰ্দনেৰে প্ৰাপ্তিৰ জখলা বগোৱা লোক সেয়া অইনে নাজানিলেও অন্তত তেওঁ নিজে জানে। এইক্ষেত্ৰত তেওঁ অইন দহজনক ফাঁকি দিব পাৰিলেও নিজক ফাঁকি দিব নোৱাৰে। সেইবাবেই নিজৰ সন্মুখত মানুহ সবাতোকৈ অধিক দুৰ্বল। নিজৰ সন্মুখত নিজক কোনেও আঁৰ বেৰ লগাই ঢাকি ৰাখিব নোৱাৰে, সেইবাবেই নিজৰ বিষয়ে যিজনে সঁচা অৰ্থত উচ্চ ধাৰণা ল’ব পাৰে আৰু সেই উচ্চ ধাৰণাৰ ভিত্তিত আত্মবিশ্বাস আহৰণ কৰিব পাৰে তেওঁ প্ৰকৃততেই সফল মানুহ। যিয়ে দুৰ্নীতি কৰা নাই, যিয়ে সাফল্যৰ ছৰ্ট কাট বিচৰা নাই, যিয়ে সঁচাকৈয়ে সকলো ক্ষেত্ৰতে এক প্ৰশংসাযোগ্য সৎ জীৱন যাপন কৰিছে আৰু পৰিশ্ৰমেৰে নিজক উন্নতিৰ পথত আগুৱাই নিছে তেওঁহে নিজৰ চকুত সৰু নহোৱাকৈ থাকিব পাৰে, নিজৰ বিষয়ে এক উচ্চ ধাৰণা পোষণ কৰিব পাৰে। এয়া সহজ কাম নহয় আৰু হয়তো সেইবাবেই মানুহে নিজে নিজৰ বিষয়ে কি ভাবে সেয়া জানিবলৈ কাহানিও অন্ত:দৰ্শনৰ কচৰত নকৰে অথচ অইনেনো কি ভাবে সেই লৈ সদায়ে সচেতন হৈ ৰয় আৰু অইনৰ ভাবনাত উচ্চ স্থান পাব পৰাৰ জোখেৰে যিখিনি কৰিব লাগে সেই আটাইখিনি কৰি যায়।নিজৰ দৃষ্টিত সন্মানযোগ্য মানুহ হোৱাতকৈ অইনৰ দৃষ্টিত ‘ডাঙৰ’ মানুহ হোৱাটো বহুগুণে সহজ কাম।