অতি শীঘ্ৰে মুকলি হ’বলৈ গৈ আছে অনন্ত তাছাৰ ‘সুৰ-বাহিনী’। ইতিমধ্যে চুটি ছবি খনৰ পোষ্টাৰ মুকলি পোৱাৰ লগতে ছ’চিয়েল মিডিয়াত ব্যাপক সমাদৰ লাভ কৰিছে। চুটি ছবি খনৰ মুলত কাহিনী ভাগ অসমৰ চিৰসেউজ সংগীশিল্পী জয়ন্ত হাজৰিকাৰ ওপৰত আধাৰিত যদিও জয়ন্ত হাজৰিকা কোন বুলি ক’লে যাতে বৰ্তমানৰ ল’ৰা-ছোৱালী আৰু পিছৰ প্ৰজন্ম সকলে চিনি পায় অৰ্থাৎ তেওঁক মনত ৰাখে এই উদ্দেশ্যৰে ছবি খন উপস্থাপন কৰা হৈছে।
‘সুৰ বাহিনী’ বুলি ক’লে প্ৰথমে আপোনাৰ মনলৈ কি আহে? ১৯৭৬ চনৰ সময়ত জয়ন্ত হাজৰিকাই লোৱা সেই উল্লেখনীয় পদক্ষেপটোৰ কথা মনলৈ নিশ্চয় নহাকে নাথাকে। সেই বানপানীৰ সময়ত সুৰ বাহিনী গঠন কৰি ৰাইজক সহায়ৰ হাত আগবঢ়োৱা কথা প্ৰায় সকলোৰে হয়তো মনত আছে।
View this post on Instagram
তাছা প্ৰডাক্টচনৰ বেনাৰত নিৰ্মিত ২০ মিনিট দৈৰ্ঘ্যৰ এই চুটি ছবি খনেএক ব্যতিক্ৰমী সোৱাদ দিবলৈ সক্ষম হ’ব বুলি অনন্ত তাছাৰ লগতে ছবি খনৰ লগত জড়িত সমূহ কলা-কুশলী আশাবাদী। ছবি খনৰ কাহিনী আৰু পৰিচালনা কৰিছে নৱপ্ৰজন্মৰ প্ৰাঞ্জল গয়াৰীয়ে।ইয়াৰোপৰি ছবিখনত বৰ্তমান সময়ৰ বহু কেইগৰাকী আগশাৰী অভিনেতা অভিনেত্ৰী ক্ৰমে কমল লোচন,প্ৰয়াস শৰ্মা তামুলী,অসীম কৃষ্ণ বৰুৱা,নিৰুপম শইকীয়া, লুচিয়ানা দাস, অচিন্ত ৰাজ কাশ্যপে অভিনয় কৰিছে ।
তলত ছবি খনৰ লগত জড়িত সমূহ কলা-কুশলীৰ আৰু তেঁওলোকৰ কাম খিনি উল্লেখ কৰা হৈছে_
চিত্ৰনাট্য আৰু সহকাৰী পৰিচালক – ৰাজদত্ত
সংলাপ– নীল বৰ্মন
সহকাৰী সংলাপ– ৰোহিত শৰ্মা আৰু সমৰ বৰুৱাদৃশ্যগ্ৰহণ- আশুতোষ কাশ্যপ
সহকাৰী দৃশ্যগ্ৰহণ– উজ্জ্বল ডেকা আৰু ৰামকৃষ্ণচৰণ
সম্পাদক – উদীপ্ত কুমাৰ ভট্টাচাৰ্য্য
সহকাৰী সম্পাদক – মিলনজ্যোতি
উল্লেখযোগ্য যে,ছবিখনৰ বেকগ্ৰাউণ্ড মিউজিকৰ কাম কৰিছে আমাৰ সকলোৰে শ্ৰদ্ধা তথা জনপ্ৰিয় কণ্ঠশিল্পী তৰালী শৰ্মাই ।
লোকেশ্যন চাউণ্ড আৰু চাউণ্ড ডিজাইন সুলগ্না সন্দিকৈ
ৰূপসজ্জা– বিশ্ব
প্ৰডাক্টচন মেনেজাৰ– মিলনজ্যোতি নেওঁগ।
উল্লেখযোগ্য যে, ছবি খনত জয়ন্ত হাজৰিকাৰ চৰিত্ৰত অভিনেতা কলম লোচনে অভিনয় কৰাৰ লগতে পত্নী মনিষা হাজৰিকাৰ চৰিত্ৰত নৱাগতা লুচিয়ানা দাসে অভিনয় কৰিব। অহা ১৬ জুলাইত মুক্তি পাবলগীয়া ছবি খনৰ সমূহ অভিনেতা-অভিনেত্ৰী তথা কলা-কুশলীকে হেডলাইন৮ ৰ তৰফৰ পৰা জনাইছো অশেষ শুভকামনা।