সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি এখনি নতুন SOP প্ৰকাশ পোৱাৰ সম্ভাৱনীয়তা ব্যক্ত কৰে।অৱশ্যেই ইয়াৰ বাবে প্ৰয়োজন হ’ব মুখ্যমন্ত্ৰীৰ অনুমোদনৰ। লগতে তেওঁ কয় যে গুৱাহাটী মহানগৰীত আক্ৰান্তৰ সংখ্যা এতিয়াও হ্ৰাস পোৱা নাই।
এই নতুন প্ৰকাশ হ’বলগীয়া SOP ত ৫ খন ৰেড জ’ন জিলাত কাৰ্ফিউ শিথিলতাৰ সম্ভাৱনা আছে। গুৱাহাটীত ৬ বজালৈ দোকান-পোহাৰ খোলাৰ সম্ভাৱনা আছে। ।যোৰহাট, শোণিতপুৰ, বিশ্বনাথ, ডিব্ৰুগড় আৰু লখিমপুৰ জিলাত পূৰ্বতকৈ ক’ভিডৰ সংক্ৰমণ হ্ৰাস পোৱা বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।