কংগ্ৰেছৰ বাবে আন এক মোক্ষম আঘাত।ৰূপজ্যোতি কুৰ্মীৰ পিছত এইবাৰ বিজেপিত যোগদান কৰিব থাওৰা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক সুশান্ত বৰগোহাঁইয়ে।
খবৰ অনুসৰি ২ আগষ্টত বিজেপিত যোগদান কৰিব যুৱ নেতাজনে। বিজেপিৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক কাৰ্যালয়ত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব বিধায়কগৰাকীয়ে।
এই উদ্দেশ্যে ৩০ জুলাইত সমষ্টিৰ পৰা গুৱাহাটীলৈ আহিব তেওঁ। সুশান্ত বৰগোহাঁইৰ দলত্যাগে উজনি অসমত কংগ্ৰেছৰ অৱশিষ্ট ভেটিও খহাই পেলাব বুলি ৰাজনৈতিক বিশ্লেষক মহলে মত প্ৰকাশ কৰিছে।