কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েডিয়ুৰাপ্পাই আজি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে।বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে আৱেগিকভাৱে এই কথা ঘোষণা কৰিছে।
ইতিমধ্যে পদত্যাগৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰা হৈছে। আজি বিয়লি ৪ বজাত ৰাজ্যপালক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে।
উল্লেখ্য যে দীৰ্ঘদিন ধৰি ৰাজ্যখনত তেওঁৰ পদত্যাগক কেন্দ্ৰ কৰি চলি আছিল বিভিন্ন জল্পনা-কল্পনা।দলীয় নেতাৰ বিদ্ৰোহৰ সন্মুখীন হৈ আহিছিল জ্যেষ্ঠ নেতাগৰাকী।