ডিব্ৰুগড়ৰ জঘন্য কাণ্ড মাৰ নাযাওঁতেই মংগলদৈত পুনৰ জঘন্য কাণ্ড। দুই ছাত্ৰীক অট’ত কাষত বহুৱাই দিছিল ইংগিত।
মুকুল আলী নামৰ পাষণ্ড চালকটোৱে ছাত্ৰীদুগৰাকীক অশ্লীল ইংগিত দিওঁতেই তাৰে এগৰাকীয়ে ভুক্তভোগী ছাত্ৰীয়ে ফোনত ভিডিঅ’ কৰিবলৈ সক্ষম হৈছিল। ছাত্ৰীগৰাকীয়ে লগে লগে ভিডিঅ’টো ৰিতুৰাজ নামৰ বন্ধুজনক পঠাইছিল যদিও ৰিতুৰাজে ভিডিঅ’টো সামাজিক মাধ্যমক ভাইৰেল কৰি দিয়ে।
প্ৰকৃততে ছাত্ৰীগৰাকীয়ে সেই বিপদৰ পৰা উদ্ধাৰ কৰিবলৈহে ৰিতুৰাজক মাতিছিল। ইয়াৰ পিছতে দুয়োগৰাকীয়ে ছাত্ৰীয়ে অট’চালকজন আৰু বন্ধুজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।
সম্প্ৰতি দৰং আৰক্ষীয়ে ৰিতুৰাজ সহ মুকুল আলী ওৰফে ক’লাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।