ৰাজ্যবাসীৰ বাবে সুখবৰ। অহা অক্টোবৰৰ মাহৰ পৰা কঠোৰ ক’ভিড প্ৰটক’ল মানি চলি চিনেমা হলসমূহ খুলিব পাৰিব।
ক’ভিডৰ বৰ্তমান পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই এই কথা ঘোষণা কৰে।
বিগত কিছুদিন ধৰি চিনেমা হলৰ মালিকসকলে ৰাজ্য চৰকাৰৰ হলসমূহ বন্ধ ৰখাৰ সিদ্ধান্তৰ বিৰুদ্ধে আজি ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে। যি সময়ত আন সকলো ৰাজহুৱা সমাৱেশস্থলী মুকলি কৰা হয়, সেই সময়ত ৰাজ্যখনৰ চিনেমা হলসমূহ বন্ধ কৰাৰ কোনো অৰ্থ নাই বুলি প্ৰতিবাদকাৰীসকলে দাবী কৰে।