ৰাজ্যত ক’ভিডৰ নতুন এছঅ’পি। ক’ভিড পৰিস্থিতি আৰু অধিক উন্নীত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে আজিৰে পৰাই কাৰ্যকৰী হোৱাকৈ নতুন এছঅ’পি জাৰি কৰিছে।
- নৈশ সান্ধ্য আইনৰ ক্ষেত্ৰত শিথিলতা।
- নিশা ১০.০০ বজাৰ পৰা পিছদিনা পুৱা ৫.০০ বজালৈ বলৱৎ থাকিব সান্ধ্য আইন।
- নিশা ৯.০০ বজালৈ খোলা ৰাখিব পাৰিব কৰ্মক্ষেত্ৰ, ব্যৱসায়িক-বাণিজ্যিক প্ৰতিষ্ঠান।
- মুকলি স্থানত আয়োজিত সভা-সমিতি, সামাজিক/ৰাজহুৱা অনুষ্ঠানত দুয়োপালি ক’ভিড প্ৰতিষেধক লোৱা সৰ্বাধিক ৫০গৰাকী লোকে ভাগ ল’ব পাৰিব।
- বিবাহৰ অভ্যৰ্থনা আদিত সৰ্বাধিক ২০০ গৰাকী লোকে অংশগ্ৰহণ কৰিব পাৰিব।সকলো অংশগ্ৰহণকাৰীয়ে দুয়োপালি ক’ভিড প্ৰতিষেধক লোৱাটো বাধ্যতামূলক।ৰাজ্যৰ বিখ্যাৎ ধৰ্মীয়স্থানসমূহ (কামাখ্যা মন্দিৰ, শিৱসাগৰৰ শিৱদৌল, আজানপীৰ দৰগাহ, হাজোৰ পোৱামক্কা আদি)ত দুয়োপালি প্ৰতিষেধক লোৱা সৰ্বাধিক ৬০ গৰাকী লোকৰ দৰ্শনত অনুমতি।
- চিনেমা হ’লসমূহত ৫০ শতাংশ আসনত দুয়োপালি ক’ভিড প্ৰতিষেধক লোৱা দৰ্শকেৰে চিনেমা প্ৰদৰ্শন কৰিব পাৰিব।
- দুয়োপালি ক’ভিড প্ৰতিষেধক লোৱা শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰীৰে সকলো শিক্ষা প্ৰতিষ্ঠানত পাঠদানত অনুমতি।