ৰাজ্যত শাম কাটিছে ক’ভিড পৰিস্থিতি। ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।
আজি বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, কৃষি মন্ত্ৰী অতুল বৰা আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষৰ উপস্থিতিত ৰাষ্ট্ৰীয় উদ্যানখন আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।
সম্প্ৰতি মাত্ৰ তিনিটা ৰেঞ্জ হে পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। পৰ্যটকসকলে বৰ্তমান উদ্যানখনত জিপ চাফাৰি কৰিব পাৰিব।
আনহাতে মানস ৰাষ্ট্ৰীয় উদ্যানখনো পৰ্যটকৰ বাবে মুকলি কৰা হৈছে।