ৰাজ্যত দিনক দিনে ব্যাপক হাৰত বৃদ্ধি হৈছে অপৰাধমূলক ঘটনা। শিশু অপৰাধৰ শীৰ্ষত গুৱাহাটী মহানগৰী।
চৰকাৰ তথা জিলা প্ৰশাসনে ৰাজ্যখনক অপৰাধমূলক ৰাজ্য হিচাপে গঢ় দিব খোজাৰ সময়তে এক সমীক্ষা অনুসৰি এই উদ্বেগজনক তথ্য পোৱা গৈছে। ২০১৮ বৰ্ষত মহানগৰীত শিশুজনিত অপৰাধৰ ৯৯ টা গোচৰ ৰুজু হৈছিল।
এই তথ্য অনুসৰি ৰাজ্যৰ ভিতৰতে সৰ্বাধিক শিশুজনিত অপৰাধৰ ঘটনাৰ গোচৰ গুৱাহাটীত ৰুজু কৰা হৈছে। মহানগৰীৰ প্ৰায়সংখ্যক থানাতেই ৰুজু কৰা হৈছে শিশুজনিত অপৰাধৰ গোচৰ।
২০১৫ চনত মহানগৰীত অপৰাধমূলক কাম-কাজ ৰোধৰ বাবে আৰক্ষী আয়ুক্তালয় কৰা হৈছিল। ইয়াৰ পিছতো মহানগৰীত অপৰাধ নিয়ন্ত্ৰণ কৰাত বিফল হৈছে মহানগৰ আৰক্ষী।