দেশৰ সম্পদ বিক্ৰী কৰি চৌদিশে ধিকৃত নৰেন্দ্ৰ মোডী চৰকাৰৰ লক্ষ্য এতিয়া অসমৰ এটা ঐতিহাসিক ৰে’লপথত ৷ এই ৰে’লপথটো একেবাৰে নিঃশ্চিহ্ন কৰাৰ দিশে আগবাঢ়িছে মোডী চৰকাৰ ৷ অসমৰ এক ইতিহাস বিজড়িত আৰু স্থানীয় অৰ্থনীতিৰ বাবে গুৰুত্বপূৰ্ণ এই ৰে’লপথ ধ্বংসৰ গোপন পৰিকল্পনাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰায়েই উত্তৰ পূবক আগস্থান দিয়া বুলি দাবী কৰে ৷ কিন্তু বাস্তৱত তাৰ বিপৰীত ছবিহে দেখিবলৈ পোৱা যায় ৷ তাৰ উদাহৰণ ডিব্ৰুগড় শদিয়া ৰে’লপথ । ১৮৮৪ চনতে আছাম ট্ৰেডিং কোম্পানীয়ে ডুমডুমা, তালাপ, ছৈখোৱা, শদিয়ালৈ এই ৰে’লপথ নিৰ্মাণ কৰিছিল ৷ এই ৰেলপথৰ মাকুম আৰু ছৈখোৱাৰ প্ৰায় ৪০ কিলোমিটাৰ ৰে’লপথ এতিয়া চিৰদিনলৈ বন্ধ কৰিবলৈ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে ৷ ১৯৯৭ চনত এই পথছোৱা মিটাৰগজৰ পৰা ব্ৰডগজলৈ ৰূপান্তৰ কৰা হৈছিল যদিও তাৰ সুবিধা স্থানীয় জনতাই নাপালে ৷
এই ৰে’লপথছোৱাৰ স্থানীয় অৰ্থনীতিৰ বাবে আছে প্ৰচুৰ সম্ভাৱনা ৷ ঐতিহাসিক কুণ্ডিল নগৰ, ভীষ্মতাপো চৰ চাপৰি, ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে অৰুণাচলৰ মায়’ডিয়াৰ দৰে পৰ্যটন স্থলীলৈ যাতায়াতৰ বাবে অতি গুৰুত্বপূৰ্ণ এই ৰে’লপথ ৷ একেদৰে চীন সীমান্তৰ সুৰক্ষাৰ বাবেও এই পথছোৱাৰ গুৰুত্ব আছে ৷ কিন্তু পৰ্যটন, অৰ্থনীতিৰ লগতে দেশৰ নিৰাপত্তাৰেও আপোচ কৰি এই ৰেলপথছোৱা বন্ধ কৰিব বিচৰা হৈছে ৷ লগতে গুৰুত্বহীন কৰিব বিচৰা হৈছে চাহ উদ্যোগৰ নগৰী ডুমডুমাৰ দৰে চহৰকো ৷ ইতিমধ্যে ইতিহাস হ’বলৈ গৈ আছে মাকুম, হাপজান, হাঁহচৰা, ডুমডুমা, তালাপ, ডাঙৰী আদি ষ্টেচন ৷
এতিয়া প্ৰশ্ন হ’ল ডিব্ৰুগড়ৰ পৰাই সৰ্বানন্দ সোণোৱাল আৰু ৰামেশ্বৰ তেলীৰ দৰে দুগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আছে ৷ তথাপি বিকাশৰ সলনি বিনাশৰ এই ষড়যন্ত্ৰ কেনেকৈ ৰচিবলৈ পালে চৰকাৰে?