এখন দলিলত ২০ ৰ পৰা ৩০ শতাংশ পৰ্যন্ত বেছিকৈ লয় গ্ৰাহকৰ পৰা। ৩০ টকাৰ পৰা ১৫ হাজাৰ পৰ্যন্ত অতিৰিক্ত ভৰিব লাগে গ্ৰাহকে। বছৰি প্ৰায় দুশ পচপন্ন কোটিৰো অধিক টকাৰ কেলেংকাৰী হয় সমগ্ৰ অসমত।
জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ লগতে আদালতৰ প্ৰায় প্ৰতিটো কাৰ্যতে দলিলৰ প্ৰয়োজন হয়। অথচ কোনোধৰণৰ প্ৰতিক্ৰিয়া নাই অধিবক্তা সমাজৰ।
আমাৰ Headline8 ৰ অনুসন্ধানমূলক চৰজমিন তদন্তত এই বৃহৎ কেলেংকাৰীৰ কথা ধৰা পৰিছে। উল্লেখ্য যে, গৃহনিৰ্মাণৰ অনুমতি, ভাড়াঘৰ বা দোকান- পোহাৰ বন্দোবস্তি, মাটি ক্ৰয় কৰাৰে পৰা আৰম্ভ কৰি আদালতৰ সকলোধৰণৰ কাৰ্যতে দলিল অতি প্ৰয়োজনীয় আহিলা। কাৰ্যৰ গুৰুত্ব আৰু চৰকাৰৰ ৰাজহৰ ওপৰত ভিত্তি কৰি ১০ টকীয়া দলিলৰ পৰা প্ৰায় ১০ হেজাৰ পৰ্যন্ত ইয়াৰ মূল্য ধাৰ্য কৰা হয়। কিন্তু বৰ্তমান সঠিক মূল্যত দলিল লাভ কৰাটো অসম্ভৱ প্ৰায়। ১০০ টকীয়া এখন দলিল গ্ৰাহকে ক্ৰয় কৰিব লগা হয় ১৩০ টকাৰ পৰা ১৪০ টকাৰ ভিতৰত। আনহাতে গৃহনিৰ্মাণ অনুমতিৰ বাবে ১ লাখ টকা পৰ্যন্ত দলিল ক্ৰয় কৰিব লগা হয় আৰু তাত গ্ৰাহকে প্ৰায় ১৫ হেজাৰৰ পৰা ২০ হেজাৰ অতিৰিক্ত ভৰিব লগা হয়।
আমাৰ সমীক্ষাত গননা কৰি পোৱা গৈছে যে, সমগ্ৰ অসমৰ আদালতসমূহত দৈনিক ৮৬৫ টা গোচৰৰ শুনানি হয়, লগতে বহু গোচৰ তথা ক্ৰয়-বিক্ৰয়ৰ বন্দোবস্তি আদালতৰ মজিয়া নোপোৱাকৈ কেৱল দলিলতে মীমাংসা হোৱা দেখা যায়। এখন দলিলৰ পৰা ৬০ টকাৰ পৰা ১৫০০০ টকালৈ অতিৰিক্ত সংগ্ৰহ কৰা ধনৰাশি বছৰি হয়গৈ প্ৰায় ২৫৫, ৭৩৭, ২৫০ টকা। এইয়া আমাৰ সাংবাদিকে লাভ কৰা তথ্যৰ ভিত্তিত কৰা এক সমীক্ষা।
আনহাতেবিভিন্ন সময়ত, বিভিন্ন মাধ্যমত বাতৰি প্ৰকাশ হৈ থকাৰ পিছতো কোনোধৰণৰ প্ৰতিক্ৰিয়া নাই উপায়ুক্ত কাৰ্যালয় তথা অধিবক্তা সমাজৰ।
আমাৰ সাংবাদিকে এই বিষয়ে বহুজনক প্ৰশ্ন কৰিছিল আৰু তেওঁলোকে এইয়া নুই কৰা নাই। কিন্তু তেওঁলোকে কেমেৰাৰ সন্মুখত কবলৈ সংকোচবোধ কৰা দেখা যায়, অথচ অফ কেমেৰাত তেওঁলোকে বহু তথ্য প্ৰমাণ সহকাৰে আমাৰ সাংবাদিকক প্ৰদান কৰিছে। দেশৰ ন্যায়পালিকাৰ ওপৰত ৰাইজৰ আস্থা সদায়ে আছে আৰু থাকিব। কিন্তু ন্যায়পালিকাৰ কাৰ্যালয়তে এনেদৰে ঘটি থকা দুৰ্নীতিয়ে ৰাইজক নিশ্চিত ভাৱে দুবাৰ ভাবিবলৈ বাধ্য কৰাব।