দিল্লীস্থিত অৰ্থনৈতিক অপৰাধ শাখাত ঐশ্বৰ্য ৰাইক জেৰা। পানামা পেপাৰ্ছ গোচৰত ৫ ঘণ্টা ধৰি জেৰা ঐশ্বৰ্য্যক। ইফালে একেই বিষয়ক লৈ অসমৰ বিজেপি সাংসদ ভুৱনেশ্বৰ কলিতাৰ ব্যক্তিগত আক্ৰমণত ৰাজ্যসভাত বিব্ৰত হৈ পৰিল সমাজবাদী পাৰ্টীৰ সাংসদ জয়া বচ্চন।
মূল ঘটনা অনুসৰি পানামা পেপাৰছে কেনেকৈ কৰ পৰিহাৰ কৰিবলৈ সাগৰৰ দাঁতিকাষৰীয়া দ্বীপসমূহত কোম্পানী স্থাপন কৰিছিল তাৰ প্ৰমাণ লাভ কৰিবলৈ ইডিয়ে বৈদেশিক মুদ্রা ব্যৱস্থাপনা আইনৰ অধীনত গোচৰ ৰুজু কৰিছিল। গোচৰটোত ঐশ্বৰ্য ৰায় আৰু আনসকলৰ নাম উল্লেখ কৰা হৈছে। ২০১৬ চনত, পানামা পেপাৰছ লিক গোচৰটো পোহৰলৈ আহিছিল, য’ত ঐশ্বৰ্য ৰায় আৰু বচ্চন পৰিয়ালৰ সদস্যসকলৰ নামসমূহো উল্লেখ কৰা হৈছিল। তথ্য অনুসৰি, ২০০৫ চনৰ মে মাহত ব্ৰিটিছ ভাৰ্জিন দ্বীপপুঞ্জত এটা কোম্পানী অন্তৰ্ভুক্ত কৰা হৈছিল য’ত ঐশ্বৰ্য আৰু বচ্চন পৰিয়ালৰ আন সদস্যসকল সঞ্চালক আছিল।
খবৰ অনুসৰি ইডিয়ে ২০০৪ চনৰ পৰা বিদেশত জমা থকা বচ্চন পৰিয়ালৰ সম্পত্তিৰ হিচাপ বিচাৰি আছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এলআৰএছ শাখাৰ অধীনত। বিগত জুন মাহত, ঐশ্বৰ্যৰ পৰিচালকৰ পদ সলনি কৰা হয় আৰু তেওঁ কোম্পানীৰ অংশীদাৰ হয়। তিনি বছৰৰ পিছত কোম্পানীটো নিষ্ক্ৰিয় হৈ পৰে আৰু তাৰ পিছত তেওঁৰ নাম পানামা পেপাৰছ লিক হোৱাৰ পিছত, বিষয়টো চাবলৈ এটা বিশেষ অনুসন্ধানকাৰী দল গঠন কৰা হৈছিল।