মেঘালয়ত প্ৰধান বিৰোধী দলত পৰিণত হ’ল তৃণমূল কংগ্ৰেছ ৷ মেঘালয় বিধানসভাৰ অধ্যক্ষ মেটবাহ লিংড’ৱে বৃহস্পতিবাৰে কংগ্ৰেছে ১২ গৰাকী বিধায়কৰ বিৰুদ্ধে সদস্য পদ খাৰিজ কৰাৰ বাবে দাখিল কৰা এখন আৱেদন নাকচ কৰে ৷ কিছুদিনৰ পূৰ্বে কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগ দিয়া ১২ গৰাকী বিধায়কৰ বিৰুদ্ধে কংগ্ৰেছ দলে দাখিল কৰিছিল এই আবেদন ৷ অধ্যক্ষগৰাকীয়ে ১২ গৰাকী বিধায়ক তৃণমূল কংগ্ৰেছত চামিল হোৱা কাৰ্যক বৈধতা প্ৰদান কৰে ৷