নৱবৰ্ষ তথা বৰদিনৰ প্ৰাকমুহুৰ্তত সষ্টম হৈ পৰিছে মহানগৰীৰ আৰক্ষী। গুৱাহাটী ট্ৰেফিক আৰক্ষীয়ে যান-বাহন উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ প্ৰস্তুতি চলাইছে। যান-বাহন আৰক্ষীয়ে মহানগৰখনৰ বিশেষকৈ নতুন বছৰত দুৰ্ঘটনা প্ৰতিহত কৰিবলৈ এক কৌশলগত পৰিকল্পনা গ্ৰহণ কৰিছে। বেপৰোৱাকৈ গাড়ী চলোৱা আৰু অত্যাধিক দ্ৰুত গতিত গাড়ী চলোৱাৰ বাবেই বহুধৰণৰ দুৰ্ঘটনা সংঘটিত হয়। এনেধৰণৰ দুৰ্ঘটনা প্ৰতিহত কৰিবলৈ বিশেষ ব্যৱস্থা আৰু পদক্ষেপ লোৱা হৈছে বুলি আৰক্ষীৰ ফালৰ পৰা জানিবলৈ দিছে।
আনহাতে সুৰাপান কৰি গাড়ী চলোৱাৰ ঘটনা প্ৰতিহত কৰিবলৈ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইতিমধ্যে আৰক্ষীয়ে হেলমেট আইন প্ৰয়োগ কৰিছে যাতে আৰোহী আৰু পিলিয়নকে ধৰি প্ৰতিজন মটৰচাইকেল আৰোহীয়েই হেলমেট পৰিধান কৰে।
উল্লেখ্য যে মুখ্যমন্ত্ৰী মহন্ত বিশ্ব শৰ্মাই আৰক্ষী বিভাগক নতুন বছৰ উদযাপনৰ সময়ত যাতে কোনো দুৰ্ঘটনা সংঘটিত নহয় সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে।