ৰবিবাৰে নিশা মহানগৰ আৰক্ষীয়ে সুৰামত্ত অৱস্থাত গাড়ী চলোৱাৰ বাবে ৯৫ জন লোকৰ অনুজ্ঞাপত্ৰ বাতিল কৰে। আৰক্ষীয়ে চালকসকলৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ লগতে তেওঁলোকৰ ওপৰত নিয়ম উলংঘনৰ বাবে ১০,০০০ টকাকৈ জৰিমনা বিহে। সুৰাপান কৰি গাড়ী চলোৱা চালকৰ বিৰুদ্ধে চলি থকা আৰক্ষীৰ এই অভিযানত, বৰ্তমানলৈকে গুৱাহাটী আৰক্ষীয়ে ২৯৫ জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।