আৰু মাত্র কেইটামান দিনৰ পাছতেই ইতিহাসৰ বুকুত বিলীন হ’ব ২০২১ চন৷ অন্যান্য বছৰসমূহৰ দৰেই এই বছৰটোৱেও মহাকালৰ বুকুত থৈ যাব কিছু অস্তিত্বৰ স্মাৰক৷ কভিড মহামাৰীৰ মাজেৰে পাৰ হোৱা ২০২১ চনটো অসমৰ ৰাজনীতিৰ বাবে আছিল অত্যন্ত গুৰুত্বপূর্ণ বছৰ৷ বহু ৰাজনৈতিক উত্থান-পতনৰ সাক্ষী হ’ল এই বছৰটো৷
সলনি হ’ল বহু ৰথী-মহাৰথীৰ ৰাজনৈতিক ঠিকনা৷ বিজেপিৰ অন্যতম উত্থানৰ বর্ষ হিচাপে চিহিুত হোৱা এই বছৰটোৰ প্রথম ভাগতেই অনুষ্ঠিত হৈছিল অসম বিধানসভাৰ নির্বাচন৷ নির্বাচনত বিপুল ভোটত জয়ী হোৱাৰ পাছত গেৰুৱা দলটোৰ নেতৃত্বত ৰাজ্যখনত দ্বিতীয়বাৰৰ বাবে গঠন হ’ল নতুন চৰকাৰ৷ সলনি হ’ল মুখ্যমন্ত্রী হিচাপে পাঁচ বছৰ ৰাজ্য চলোৱা সর্বানন্দ সোণোৱালৰ ভাগ্যও৷
দলৰ শীর্ষ নেতৃত্বই এইবাৰ ৰাজ্যৰ দায়িত্ব অর্পণ কৰিলে দীর্ঘদিন ধৰি মন্ত্রী হৈ থকা ড০ হিমন্ত বিশ্ব শর্মাক৷ ৰাজ্যবাসীয়ে পালে এজন নতুন মুখ্যমন্ত্রী৷ ইয়াৰ কিছুদিনৰ পাছতেই সর্বানন্দ সোণোৱালক কেন্দ্রীয় মন্ত্রিত্বৰ দায়িত্ব দি লৈ যোৱা হয় নতুন দিল্লীলৈ৷ ইফালে নির্বাচনৰ পূর্বে নতুন আঞ্চলিক দল অসম জাতীয় পৰিষদৰ জন্ম দি ছাত্র-নেতা লুৰীণজ্যোতি গগৈয়ে ৰাজনীতিৰ পথাৰত ভৰি থৈছিল৷
একেদৰে কৃষক মুক্তি সংগ্রাম সমিতিৰ নেতা অখিল গগৈৰ নেতৃত্বতো গঠন হৈছিল ৰাইজৰ দল নামৰ আন এটা ৰাজনৈতিক দল৷ কিন্তু প্রথমটো নির্বাচনতে জাতীয় পৰিষদ আৰু ৰাইজৰ দলে বেয়াকৈ মুখথেকেচা খালে৷ জাতীয় পৰিষদৰ এজনো প্রার্থী জয়ী হ’ব নোৱাৰিলে৷ ইয়াৰ বিপৰীতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ জয়ী হৈ আহিবলৈ সক্ষম হয়৷ নির্বাচনৰ পূর্বে কংগ্রেছ আৰু এ আই ইউ ডি এফৰ মাজত স্থাপন হোৱা মিত্রতাক লৈ এইবছৰ ৰাজ্যজুৰি সৃষ্টি হৈছিল প্রতিক্রিয়াৰ৷
কংগ্রেছে এ আই ইউ ডি এফক লগত লৈ গঠন কৰা মহাজোঁটে বিজেপিৰ বিৰুদ্ধে যুঁজ দি বেয়াকৈ মুখথেকেচা খালে৷ নির্বাচনত ধৰাশায়ী হোৱাৰ পাছতেই প্রদেশ কংগ্রেছৰ সভাপতিৰ পদ হেৰুৱাবলগীয়া হয় ৰিপুন বৰাই৷ প্রদেশ কংগ্রেছৰ নতুন সভাপতিৰ দায়িত্ব গ্রহণ কৰে ভূপেন বৰাই৷ একেদৰে ৰাজ্যিক বিজেপিৰো সভাপতিৰ পদত নতুনকৈ নিযুক্তি দিয়া হয় বিধায়ক ভৱেশ কলিতাক৷
মন কৰিবলগীয়া কথা যে মুখ্যমন্ত্রীৰ দায়িত্ব লৈয়ে ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যৰ ৰাজনীতিলৈ কিছু নতুনত্ব অনাৰ প্রয়াস চলালে৷ প্রতি সপ্তাহতে কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ লগতে সময়ে সময়ে দিছপুৰৰ বাহিৰতো তেওঁ কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ল’লে৷ আনহাতে, বিধানসভাত গো সুৰক্ষা বিধেয়ক গৃহীত কৰিও ৰাজ্য চৰকাৰখনে সমগ্র দেশৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হ’ল৷
নির্বাচনৰ কিছুদিনৰ পাছতেই আকৌ দুজনকৈ বিধায়কে অকালতে প্রাণ হেৰুৱাবলগীয়া হয়৷ তামুলপুৰৰ বিধায়ক লেহুৰাম বড়ো আৰু গোসাঁইগাঁৱৰ বিধায়ক মাজেন্দ্র নার্জাৰীৰ মৃত্যুত দুয়োটা সমষ্টিতে উপ-নির্বাচন অৱধাৰিত হৈ পৰিল৷ এনে সময়তেই কংগ্রেছ এৰি বিজেপিত যোগদান কৰিলে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুর্মি, থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহঁাই আৰু ভবানীপুৰ সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক ফণী তালুকদাৰে৷ ইয়াৰ পাছতেই যোৱা ৩০ অক্টোবৰত উক্ত পাঁচোটা সমষ্টিতে অনুষ্ঠিত উপ-নির্বাচনত বিজেপি মিত্রজোঁটৰ প্রার্থী জয়ী হয়৷
লগে লগে অসম বিধানসভাতো বিজেপিৰ শক্তি বৃদ্ধি পালে৷ ইয়াৰ মাজতে শ্বহীদক অপমান কৰি জে’লৰ ভাতো খাব লগীয়া হ’ল কংগ্রেছৰ বিধায়ক শ্বেৰমান আলীয়ে৷ এতিয়া কংগ্রেছ ত্যাগ কৰিবলৈ সাজু হৈছে সংখ্যালঘু বিধায়কজন৷ আনহাতে, ৰহাৰ বিধায়ক শশীকান্ত দাসেও বিজেপিত যোগদান কৰাৰ দিশে আগবাঢ়িছে৷ ৰাজ্যৰ ৰাজনীতিৰ এনে পৰিৱেশৰ মাজতেই শেহতীয়া অসম বিধানসভাত আহি ভাষণ প্রদান কৰিলেহি লোক সভাৰ অধ্যক্ষ ওম বিৰলাই৷ মুঠৰ ওপৰত বহু ৰাজনৈতিক উত্থান-পতনৰ সাক্ষী হৈ ইতিহাসৰ পাতত এতিয়া বিলীন হোৱাৰ দিশে গতি কৰিছে ২০২১ বর্ষটো৷