সৰিয়হৰ সৈতে ভাপত দিয়া ইলিচ্ মাছ
কি কি লাগিব:
১৷ ইলিছ্ মাছ: ৪ টুকুৰা
২৷ ক’লা সৰিয়হ: ১ চামুচ
৩৷ বগা সৰিয়হ: ২ চামুচ
৪৷ নহৰু, জলকীয়া আৰু ১টা সৰু পিঁয়াজ
৫৷ দৈ: ২ চামুচ
৬৷ নাৰিকলৰ গাখীৰ: ১ চামুচ
৭৷ তেল: ২ চামুচ
৮৷ নিমখ, হালধি: আন্দাজমতে
৯৷ মান ধনীয়া, ধনীয়া: আন্দাজমতে
১০৷ বান্ধিবলৈ কলপাত আৰু সুঁতা
কেনেকৈ ৰান্ধিব চাওঁক
ক’লা আৰু বগা সৰিয়হখিনি ভালকৈ কুমলাই লৈ নহৰু, জলকীয়া, মান ধনীয়া, ধনীয়া, দৈ, নিমখ আৰু হালধি দি ভালকৈ মিক্সাৰ গ্ৰাইণ্ডাৰত খুন্দি লওঁক ৷
এতিয়া মাছকেইটুকুৰা ভালকৈ ধুই এই মিশ্ৰনত সানি প্ৰায় আধা ঘন্টাৰ বাবে মেৰিনেট কৰি ল’ব
এইবাৰ কলপাত কেইখন গেছৰ জুইত অলপ লেৰেলাই লওঁক যাতে ভাঁজ কৰোতে ফাটি নাযায় ৷ ইয়াতে পাঁচটুকুৰা মাছ বান্ধি দিব ৷
এতিয়া কম জুইত এখন কেৰাহি ষ্ট’ভটোত পাতি দিব। কেৰাহীতে মাছ কেইটুকুৰা ভালকৈ পাতি দি ঢাকনি লগাই ভাপতে সিজিব দিব ৷ ১০ মিনিটকৈ দুয়োটা ফালে মাছকেইটুকুৰা ভাপতে সিজাব।
ইয়াৰ পাছত গেছৰ পৰা নমাই গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰক।