ভাৰতত ক’ৰণা ভাইৰাছ সংক্ৰমণৰ সংখ্যা ক্ৰমে বৃদ্ধি হৈ আছে। বিগত ২৪ ঘণ্টাত, দেশখনত ৩৩,৩৭৯ গৰাকী নতুন ক’ভিড আক্ৰান্ত পোৱা গৈছে। উল্লেখ্য যে, এই সময়ছোৱাত ১২৪ গৰাকী লোকৰ মৃত্যু হৈছে। নতুন আক্ৰান্তৰ সংখ্যাৰ সৈতে দেশত আক্ৰান্তৰ মুঠ সংখ্যা ৩,৪৯,৬০,২৬১ ত উপনীত হৈছে।
বৰ্তমানলৈ ৪ লাখ ৮২ হাজাৰ ১৭ জন লোকে সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাইছে। ইপিনে বৰ্তমান দেশত ১ লাখ ৭১ হাজাৰ ৮৩০ জন সংক্ৰমিত লোকৰ চিকিৎসা চলি আছে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনাই যে সোমবাৰে ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ টিকাকৰণ অভিযানৰ প্ৰথম দিনা সন্ধিয়া ৮ বজালৈকে ৪১ লাখতকৈও অধিক কিশোৰে ভেকছিনৰ প্ৰথম পালি গ্ৰহণ কৰে।