ৰাজ্য়ত পুনৰ ভয়াৱহ ভাৱে বৃদ্ধি পাইছে ক’ভিড পজিটিভৰ ঘটনা ।
বৰঝাৰ বিমানবন্দৰত মঙলবাৰৰ দিনটোত সৰ্বাধিক পজিটিভৰ ঘটনা পোহৰলৈ আহিছে। মঙলবাৰৰ দিনটোত বিমানবন্দৰত বৰ্তমানলৈ ২৯ গৰাকী পজিটিভ ৰোগী পোৱা গৈছে ।
উল্লেখ্য যে, বৰঝাৰ বিমানবন্দৰত থকা স্ত্ৰীণিং চেণ্টাৰত বহিঃৰাজ্যৰ বিমান যাত্ৰীৰ দেহত প্ৰতিদিনে ভয়াৱহ ৰূপত ক’ভিড পজিটিভে দেখা দিছে। প্ৰায় সংখ্যক বিমান যাত্ৰীৰ দেহত পজিটিভ ধৰাত পৰা ঘটনাই এতিয়া চিন্তিত কৰিছে স্বাস্থ্যবিভাগ তথা ৰাজ্যবাসীক।
ইপিনে সোমবাৰে নিশা পৰ্যন্ত ১৮ টা পজিটিভৰ ঘটনা হোৱা বুলি জানিবলৈ দিয়ে বিমানবন্দৰত থকা স্বাস্থ্যবিভাগৰ লোকসকলে।
অসমত মঙলবাৰে ৪৭৫ পজিটিভৰ ঘটনা আৰু কামৰূপ মহানগৰ জিলাত ১৯০ গৰাকী ক’ভিড পজিটিভ ৰোগী ধৰা পৰে।বৰ্তমানলৈ অসমত অমিক্ৰণৰ উপস্থিতি ধৰা পৰা নাই যদিও দিনক-দিনে ক’ভিড পজিটিভ ৰোগী দেখা দিয়াত এতিয়া জনতা হতাশাত ভুগিছে।