কটন বিশ্ববিদ্যালয়ৰ মাৰপিটৰ ঘটনাক লৈ কটন ছাত্ৰ একতা সভাৰ সংবাদমেল অনুষ্ঠিত কৰি নৱনিৰ্বাচিত সাধাৰণ সম্পাদক অভিষেক মহন্তই কিছু গুৰুত্বপূৰ্ণ অভিযোগ আনিছে। ‘কটনত গুণ্ডাৰাজ চলি আছে আৰু মন্ত্ৰী অতুল বৰাৰ ইয়াত পৰোক্ষভাবে হাত আছে’ এই ভাষ্য অভিষেক মহন্তৰ। লগতে আৰক্ষী তথা প্ৰশাসনৰ ভূমিকা যথেষ্ট সন্দেহজনক বুলিও তেওঁ উল্লেখ কৰে। ‘দোষী চিনাক্ত হোৱাৰ পিছতো মহানগৰ আৰক্ষীয়ে কোনো পদক্ষেপ লোৱা নাই। আমি বৰ্তমান নিৰাপত্তাহীনতাত ভোগিছো, কাৰণ ছাত্ৰ একতা সভাৰ ফলাফল ঘোষণা হোৱাৰ আগদিনা অৰ্থাৎ ৪ জানুৱাৰীৰ পৰাই অসম ছাত্ৰ পৰিষদৰ নেতাসকলে হিংসাৰ পৰিস্থিতি সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল আৰু সেই বিষয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা কলেজ কৰ্তৃপক্ষক জনোৱা হৈছিল’।
৫ জানুৱাৰীত নিৰ্বাচনৰ ফলাফল ঘোষণা হল আৰু তাত ছাত্ৰ মুক্তিৰ গৰিষ্ঠসংখ্যক নিৰ্বাচিত হোৱাত অসম ছাত্ৰ পৰিষদৰ সদস্যই হতাশাত ভূগি মাৰ-পিটৰ দৰে অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি কৰে বুলিও কটন বিশ্ববিদ্যালয়ৰ নৱগঠিত ছাত্ৰ একতা সভাৰ তৰফৰ পৰা কোৱা হৈছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো ইয়াৰ উচিত আৰু নিৰপেক্ষ তদন্তৰ নিৰ্দেশ দিবলৈ দাবী জনাইছে সাধাৰণ সম্পাদকে। ‘হিংসাক আমি কেতিয়াও সমৰ্থন নকৰোঁ আৰু কটনত চলি থকা গুণ্ডাৰাজৰ লগতে অনৈতিক কামসমূহ আমি নিৰ্মূল কৰিম’ এই দাবী অভিষেক মহন্তৰ। উল্লেখ্য যে, কটন বিশ্ববিদ্যালয়ত বুধবাৰে নিশা সীতানাথ ব্ৰহ্ম চৌধুৰী হোষ্টেল আৰু মহেন্দ্ৰ নাথ ডেকা ফুকন হোষ্টেলৰ মাজত মাৰপিটৰ ঘটনা ঘটিছিল। উদণ্ড ছাত্ৰই ভাঙি লণ্ডভণ্ড কৰিছিল হোষ্টেলৰ বিভিন্ন সামগ্ৰী। এই ঘটনাত কেইবাজনো ছাত্ৰ গুৰুতৰভাৱে আহত হৈছিল আৰু তেওঁলোকক নিশাই ১০৮ এম্বুলেন্স সেৱাৰ জৰিয়তে আহত ছাত্ৰক জি এম চিলৈ প্ৰেৰণ কৰাৰ লগতে উদণ্ড ছাত্ৰক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ জোৱান মোতায়েন কৰা হৈছে।