অসমৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰা বুল্লী বাই নামৰ এপৰ মূল ষড়যন্ত্ৰকাৰীক । দিল্লী আৰক্ষীৰ এটা অভিযানকাৰী দলে বৃহস্পতিবাৰে যোৰহাট আৰক্ষীৰ সহযোগত বুল্লী বাই নামৰ এপটোৰ মূল ষড়যন্ত্ৰকাৰীক গ্ৰেপ্তাৰ কৰে ।
উল্লেখ্য যে এই বিতৰ্কিত এপৰ বিষয়ে প্ৰচাৰ হোৱাৰ পাছতেই The Wire ৰ সাংবাদিক তথা এই এপ্ৰ ভুক্তভোগী ইছমত আৰাই এটা অভিযোগ দাখিল কৰিছিল ।
ধৃত বুল্লী বাই নামৰ এপৰ মূল ষড়যন্ত্ৰকাৰীজন নীৰজ বিষ্ণৈ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । বুল্লী বাই এপৰ মূল ষড়যন্ত্ৰকাৰী নীৰজ বিষ্ণৈক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি দিল্লীলৈ প্ৰেৰণ কৰে।
উল্লেখ্য যে, ইতিমধ্যে চৰকাৰে দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰা বুল্লী বাই এপটো বন্ধ কৰিছে । এই এপটোৰ জৰিয়তে মুছলমান সম্প্ৰদায়ৰ বিভিন্ন মহিলা তথা বিশিষ্ট মহিলা সমাজকৰ্মী, সাংবাদিকসকলৰ ফটো আপলোড কৰি সম্মান হানি কৰাৰ বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছিল । এই সন্দৰ্ভত দেশৰ বিভিন্ন আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে ।