জনতা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বৰ অধ্যক্ষতাত মন্ত্রীসভাৰ কেবিনেট বৈঠক অনুষ্ঠিত হৈ যায়। কেবিনেট বৈঠকত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। সেইসমূহ হল–
কৃষকৰ পৰা ১০ লাখ মেট্রিক টন ধান ক্রয় কৰিব চৰকাৰে। এফ চি আইয়ে ৬ লাখ মেট্রিক টন ধান ক্রয় কৰিব। ৰাজ্যত ৮০ লাখ টন ধান উৎপাদন হয়। ধান বিক্রীৰ বাবে কৃষকে চাৰ্টিফিকেট ল’ব লাগিব। ৰাজহ বিভাগৰ পৰা কৃষকে ল’ব লাগিব চাৰ্টিফিকেট। মাল্টি অনাৰ্ছ, NCভিলজ চাৰ্টিফিকেট ল’ব লাগিব। লীজত লোৱাৰো চাৰ্টিফিকেট থাকিব লাগিব। এগৰাকী খেতিয়কে ৫০ মেট্রিক টনতকৈ বেছি ধান বিক্রী কৰিব নোৱাৰিব। অসমত বহু বেছি মধ্যভোগী আছে।
মধ্যভোগী নাইকীয়া কৰিবলৈ ব্যৱস্থা লোৱা হ’ব। ইয়াৰ বাবে একাউণ্টছৰ জৰিয়তে খেতিয়কক ধন প্রদান কৰিব। কৃষকক সজাগতাৰ বাবে ১৬ জানুৱাৰীত গাঁওসভা হ’ব।
গাঁও সভাত ২০০তকৈ যাতে বেছি মানুহ নহয় তাৰ বাবে উপায়ুক্তই দৃষ্টি ৰাখিব। বজালী জিলা পৰিষদ গঠনৰ বাবে কেবিনেটৰ অনুমোদন জনোৱা হৈছে। ভোগালীৰ ক্ষেত্রত সান্ধ্য আইনৰ শিথিলতা কৰা হ’ব। নিশা ১০ বজাৰ পৰিৱৰ্তে নিশা ১১ বজাৰ পৰা হ’ব সান্ধ্য আইন।
আগন্তুক পৌৰ নিৰ্বাচন বেলটৰ পৰিৱৰ্তে EVM ত হ’ব নিৰ্বাচন। ৭৪৩ গৰাকী কলেজ শিক্ষক নিযুক্তিত অনুমোদন কেবিনেট বৈঠকত। ২৩৩টা তৃতীয় বৰ্গৰ পদ ঘোষণা। ৫২৪ গৰাকী চতুৰ্থ বৰ্গৰ পদত নিযুক্তিত অনুমোদন। মে’মাহৰ আগত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব।
অসম গৌৰৱ, অসম বৈভৱ আৰু অসম সৌৰভ বঁটা ২৪ জানুৱাৰীত কলাক্ষেত্ৰত প্ৰদান কৰা হ’ব। মুখ্যমন্ত্রী আৰু ৰাজ্যপালৰ উপস্থিতিত প্রদান কৰা হ’ব বঁটা।
১ ফেব্রুৱাৰীৰ পৰা সদভাৱনা মিছন আৰম্ভ হ’ব। ১০ মে’ৰ পূৰ্বে সম্পূৰ্ণ কৰা হ’ব সদভাৱনা মিছন।
এই সময়ত পুৰণি ফাইলৰ কাম শেষ কৰা হ’ব। বৈঠকৰ অন্তত মন্ত্রী ৰঞ্জিৎ কুমাৰ দাসে সাংবাদিকক আগত মন্তব্য ৰাখে।