ভাৰতত দৈনিক বৃদ্ধি পাইছে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ। অমিক্ৰনত আক্ৰান্তৰ সংখ্যা ৫০০০ৰ কাষ চাপিছে। ক’ৰোনাৰ বৰ্ধিত সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি কেইবাখনো ৰাজ্যই বাধা–নিষেধ আৰোপ কৰিছে। দেশত বৰ্ধিত ক’ৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে সৈতে ক’ৰোনাৰ পৰিস্থিতিৰ ওপৰত বৈঠকত বহিব। আজি বিয়লি ৪.৩০ বজাত অনুষ্ঠিত হ’ব এই গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকত ক’ৰোনা প্ৰতিৰোধৰ ওপৰত আলোচনা হ’ব পাৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে দেওবাৰে দেশত কোভিড–১৯ মহামাৰীৰ স্থিতি, স্বাস্থ্য সম্পৰ্কীয় আন্তঃগাঁথনি আৰু যোগান ব্যৱস্থাৰ প্ৰস্তুতি, টিকাকৰণ অভিযানৰ স্থিতি, অমিক্ৰনৰ সংক্ৰমণ আৰু জন স্বাস্থ্যৰ প্ৰতি প্ৰভাৱৰ সমীক্ষা কৰাৰ বাবে এক উচ্চস্তৰীয় বৈঠকৰ নেতৃত্ব দিয়ে। ইয়াৰ মাজতে কোভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰনৰ সংক্ৰমণৰ বৰ্ধিত ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত বহিব।