আজি উলহ-মালহেৰে পালন কৰিছে ভোগৰ উৎসৱ ভোগালী বিহু আৰু আজিৰ এই পৱিত্ৰ দিনটোতেই শিৱসাগৰ জিলাৰ নাজিৰাৰ মহকুমাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী বিহুবৰ আৰক্ষী থানাৰ নৱ নিৰ্মিত গৃহ উদ্বোধন কৰ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই।
অসম চৰকাৰৰ “মৈত্ৰী” আঁচনিৰ অধীনত ১ কোটি ৪২ লাখ টকাৰে নিৰ্মাণ কৰা হৈছে নাজিৰা মহকুমাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী বিহুবৰ আৰক্ষী থানাৰ নৱনিৰ্মিত গৃহটো৷ ইয়াৰোপৰি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে নাজিৰাৰ অসম নগালেণ্ড সীমান্তৱৰ্তী গেলেকী সংৰক্ষিত বনাঞ্চলৰ কাষতে থকা কমলাবাৰী বনভোজস্থলীও পৰিদৰ্শন কৰে৷ লগতে আৰক্ষী সঞ্চালক প্ৰধানজনে সমাজৰ অনিষ্ট সাধন কৰা দুষ্ট লোক সকলক সাৱধান বাণী দিয়ে আনহাতে সৎ লোকসকলক আৰক্ষীলৈ ভয় নকৰিবলৈ আহ্বান জনায়। অসম আৰক্ষীয়ে সৎ তথা সমাজ সংস্কাৰক লোকসকলৰ লগত হাতত হাত মিলাই কাম কৰি যাব বুলি প্ৰতিশ্ৰুতি দিয়ে৷ বিহুবৰ আৰক্ষী থানাৰ নৱনিৰ্মিত গৃহটি উদ্বোধনী অনুস্থানত আৰক্ষী মহাপৰিদৰ্শক মৃদুলানন্দ শৰ্মা, শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনৰ লগতে অসম আৰক্ষীৰ বহুকেইজন বিষয়া আৰু স্থানীয় লোক উপস্থিত থাকে।