উত্তৰপ্রদেশত বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত আৰম্ভ হৈছে দল বাগৰাৰ ৰাজনীতি। অলপতে বিজেপি দলৰ মন্ত্ৰী ক্ৰমে স্বামী প্ৰসাদ মৌর্য, ধর্মসিংহ চাইনী, দাৰা সিং চৌহানে সমাজবাদী পাৰ্টীত যোগদানেৰে যি দল বাগৰাৰ ৰাজনীতি আৰম্ভ হৈছিল উত্তৰপ্রদেশত, এইবাৰ যেন তাৰে দ্বিতীয় ইনিংছ। বিজেপিৰ পাছত এইবাৰ মোক্ষম আঘাত পালে অখিলেশ যাদৱৰ সমাজবাদী পার্টীয়ে। বুধবাৰে বিজেপিত যোগদান কৰিলে মোলায়ম সিং যাদৱৰ বোৱাৰী অপর্ণা যাদৱে। মোলায়মৰ কণিষ্ঠ পুত্ৰ প্রতীক যাদৱৰ পত্নী অপর্ণাই যোগ দিলে বিজেপিত। ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত সমাজবাদী পার্টীৰ পৰাই লক্ষ্মৌ কেন্টনমেন্ট কেন্দ্রৰ পৰা প্রতিদ্বন্দ্বিতা কৰিছিল অপর্ণাই। কিন্তু সেইবাৰ কংগ্রেছ এৰি বিজেপিত যোগ দিয়া ৰীতা বহুগুণা জোশীৰ হাতত পৰাজিত হৈছিল তেওঁ। এইবাৰ বিজেপিৰ পৰা অৰ্পণাই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু।
লগতে পঢ়ক-