ক’ভিডসৃষ্ট পৰিস্থিতিৰ মাজতে ৰাজ্য চৰকাৰে ক’ভিড প্ৰট’কল মানি সৰস্বতী পূজা অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰিছে যদিও সেই আনন্দ ম্লান পেলাব পাৰে বতৰে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি, অহা ৪ আৰু ৫ ফেব্ৰুৱাৰীত ৰাজ্যজুৰি হ’ব পাৰে বৰষুণ। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে যে ৪ আৰু ৫ ফেব্ৰুৱাৰীত অসম আৰু মেঘালয়ত নেৰানেপেৰাকৈ পাতলীয়া আৰু মজলীয়া বৰষুণ হ’ব। আনহাতে, অৰুণাচল প্ৰদেশৰ ভিন্ন প্ৰান্তত পাতলীয়াকৈ বৰফ পৰিব। নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাতো বিজুলি–ঢেৰেকনিৰ লগতে হ’ব বৰষুণ।
বিগত দুটা দিনত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হোৱা বৰষুণে বৃদ্ধি কৰিছে শীতৰ প্ৰকোপ। দিনৰ ভাগত মহানগৰীৰ লগতে কেতবোৰ অঞ্চলত তাপমাত্ৰা প্ৰায় স্বাভাৱিক আছে যদিও বতাহৰ বাবে শীতৰ প্ৰকোপ অনুভৱ কৰিছে।