মহানগৰীত পূৰ্ণোদ্যমে চলিছে পৰিবহন বিভাগৰ ‘অপাৰেচন ছাৰখাৰ’ ৷ কৰ অনাদায় বা আন নীতি নিয়ম নমনা গাড়ীৰ চালকক জৰিমনা বিহা হৈছে। আইন ভংগকাৰীক আদালতলৈ নিয়াৰ ভাবুকি দিছে। কেৱল মহানগৰীতে প্ৰত্যেক দিনত কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰাৰ খবৰ পৰিবহন বিভাগে সংবাদ মাধ্যমক জানিবলৈ দিছে। ব্যক্তিগত বাহন, বাণিজ্যিক বাহন, স্কুলৰ ছাত্ৰ-ছাত্ৰীক অনা-নিয়া কৰা সকলো বাহনেই প্ৰয়োজনীয় কৰ দিয়াটো বাধ্যতামূলক।
তাৎপৰ্যপূৰ্ণভাৱে “মিছন ছাৰখাৰ“ত ব্যৱহাৰ কৰি থকা AS01EJ2636 নম্বৰৰ বাহনখনৰ Insuranceৰ ম্যাদ কেতিয়াবাই উকলি গৈছে ৷ চন্দ্ৰশেখৰ দাস নামৰ এজন ব্যক্তিৰ মাৰুতি ছুজুকি ইকো গাড়ীখন কৰ্তৃপক্ষই মিছন ছাৰখাৰত ব্যৱহাৰ কৰি আছে৷ উক্ত গাড়ীখনেৰে পৰিবহন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে কৰ আদায় নিদিয়া বা বীমা নথকা গাড়ীৰ মালিকক জৰিমনা বিহি আহিছে৷
উল্লেখ্য যে, বাহন প’ৰ্টেলযোগে লাভ কৰা গাড়ীখনৰ তথ্য মতে গাড়ীখনৰ বীমাৰ ম্যাদ ২০২১ৰ ১১ ফেব্ৰুৱাৰীতে পাৰ হৈ গৈছে ৷ বীমা নোহোৱাকৈ ছাৰখাৰত ব্যৱহাৰ হোৱা ব্যক্তিগত বাহন এখন পৰিবহন বিভাগে ব্যৱহাৰ কৰি আহিছে।
যানবাহন আইন কেৱল নাগৰিকৰ বাবেহে নেকি, চৰকাৰী পক্ষৰ কোনো দায়িত্ব নাই নেকি, এনেধৰণৰ প্ৰশ্নই এতিয়া সাধাৰণ নাগৰিকক ভবাই তুলিছে। সেয়ে নাগৰিকক জৰিমনা বিহাৰ আগত চৰকাৰে নিজৰ স্থিতি স্পষ্ট আৰু শুদ্ধ কৰাটো প্ৰয়োজন ৷