বিতৰ্কই যেন লগ এৰা নিদিয়ে শ্বেৰমানক। এক কথাত কবলৈ গলে, তেওঁ যেন বিতৰ্কত থাকিবলৈহে কথাবোৰ কয়। শ্বহীদক অপমান কৰিবলৈও কুণ্ঠাবোধ নকৰে বিতৰ্কিত বিধায়কজনে। অসম আন্দোলনৰ শ্বহীদক অপমান কৰি শ্বেৰমান আলী জেললৈও যাব লগা হৈছিল। উদ্বাত্ত কণ্ঠেৰে মাজে মাজে আকৌ ভাবুকিও দিয়ে তেওঁ! বেদখল বা বেআইনী খবৰবোৰ যেন দিছপুৰ নাপায়গৈ। তেওঁৰ মতে বিজেপি চৰকাৰ পাঁচ বছৰহে থাকিব। শ্বেৰমান আলী কিন্তু জীয়াই থকালৈকে সমষ্টিবাসীৰ কাষত থাকিব। বাঘবৰৰ বিধায়কজনে মাজে মাজে সমষ্টবাসীক আশ্বাসো দিয়ে যে তেওঁ থকালৈকে কোনেও উচ্ছেদ কৰিব নোৱাৰে বেদখলকাৰীক।
অলপতে সত্ৰৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ লগতে প্ৰশাসনে উচ্ছেদৰ বাবে পোতা খুঁটিত ভৰিৰে লাঠ মাৰি পুণৰ বিতৰ্কৰ সূচনা কৰিছে বিধায়কগৰাকীয়ে।
কংগ্ৰেছৰ পৰা বিতাড়িত শ্বেৰমান আলীয়ে বিধান সভা নিৰ্বাচনৰ পূৰ্বে শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম নিৰ্মাণ কৰাৰ কথা কৈ কংগ্ৰেছ দলক পেলাইছিল বিপদত। নিৰ্বাচনৰ প্ৰাকক্ষণত এনে মন্তব্যৰে শ্বেৰমানে বিজেপিক কংগ্ৰেছক আক্ৰমণ কৰাৰ যেন সুযোগহে দিছিল।
প্ৰকৃততে শ্বেৰমানে আশ্বাস দিলেও প্ৰশাসনে উচ্ছেদ কাৰ্য চলাই গৈছে বেদখলকাৰীৰ বিৰুদ্ধে। সেয়েহে এতিয়া ৰাইজে কয়, আৰমান পূৰণ নহল শ্বেৰমানৰ।