ৰাজ্যত প্ৰতিদিনেই ক’ৰনাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে । কিছুদিনৰ পৰা স্কুলীয়া ছাত্ৰ-ছাত্ৰীক ভেকচিন দিয়াৰ ব্যৱস্থা কৰা হৈছে । ইতিমধ্যে বিভিন্নজনক প্ৰদান কৰা হৈছে ভেকচিন ।
বঙাইগাঁৱত দশম শ্ৰেণীৰ ছাত্ৰী এগৰাকীক একে দিনাই দুটাকৈ ভেকচিন প্ৰদান কৰাৰ ফলত অসুস্থ হৈ পৰে । পিছত এই ঘটনাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
বঙাইগাঁও বিদ্যাপীঠ হাইস্কুলৰ অইন ছাত্ৰ-ছাত্ৰীসকলৰ দৰে দশম শ্ৰেণীৰ ছাত্ৰী ৰুমী সৰকাৰক ক’ভিড ১৯ ভেকচিন প্ৰদান কৰাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তিৰ ব্যৱস্থা কৰা হয়। সেইমতে ছাত্ৰীগৰাকীয়ে দ্বিতীয় পালি ভেকচিন দিয়াৰ বাবে চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছত অতি কম সময়ৰ ব্যৱধানত দুটাকৈ ভেকচিন প্ৰদান কৰা হয়।
উল্লেখ্য যে, প্ৰথম পালি ভেকচিন লোৱাৰ পিছতে ছাত্ৰীগৰাকীয়ে দ্বিতীয় বাৰ ভেকচিন ল’বলৈ অস্বীকাৰ কৰিছিল যদিও কৰ্তব্যৰত নাৰ্চগৰাকীয়ে কোনো কথা নুশুনি দ্বিতীয়বাৰৰ কাৰণে ভেকচিন দিয়ে বুলি জানিব পৰা গৈছে ৷ এইদৰে একেদিনাই দুবাৰকৈ ভেকচিন লোৱাৰ ফলত ছাত্ৰীগৰাকী অসুস্থ হৈ পৰে ৷
আনহাতে ছাত্ৰীগৰাকীৰে অনাকাংক্ষিত এই ঘটনা সংঘটিত হোৱাৰ পিছত চিকিৎসা বিভাগৰ ফালৰ পৰা কোনো খবৰ নোলোৱাৰ অভিযোগ কৰিছে পৰিয়ালৰ লোকসকলে ৷