ভাৰতীয় ক্ৰিকেটৰ মেৰুদণ্ডস্বৰূপ ৰঞ্জী ট্ৰফী পুনৰ আৰম্ভ হৈছে। ৰঞ্জি ট্ৰফী দেশৰ ঘৰুৱা প্ৰতিযোগিতালৈ পুনৰ উভতি আহিছে প্ৰায় দুবছৰৰ পিছত। ক’ভিড-১৯ৰ বাবে অন্য়ান্য খেলৰ দৰে ৰঞ্জী ট্ৰফীও অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল।
ক’ভিড-১৯ৰ তৃতীয় ঢৌৱে একেৰাহে দ্বিতীয় বছৰৰ বাবে দেশৰ মুখ্য ঘৰুৱা প্ৰতিযোগিতাখনৰ প্ৰতি পুনৰ ভাবুকি আনিছিল যদিও সংক্ৰমণ হ্ৰাস হোৱাৰ পিছত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (BCCI) আয়োজনৰ সিদ্ধান্ত লয়। এইবাৰৰ প্ৰতিযোগিতাত ৩৮টা দলে অংশগ্ৰহণ কৰিব। দেশৰ ৯টা স্থানত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ বাবে ৯টা বায়’ বাবল সৃষ্টি কৰা হৈছে।
উল্লেখ্য, এইবাৰ দুটা পৰ্যায়ত ৰঞ্জী ট্ৰফী ২০২১-২২ অনুষ্ঠিত হৈছে। প্ৰথম পৰ্যায়টো ১৭ ফেব্ৰুৱাৰীৰ পৰা ১৫ মাৰ্চলৈ খেলা হ’ব। ইয়াৰ পিছত, আই পি এল ২০২২ আৰম্ভ হ’ব, যাৰ আৰম্ভণি ২৭ মাৰ্চৰ পৰা হোৱাৰ সম্ভাৱনা আছে। ৰঞ্জী ট্ৰফীৰ প্ৰাক-কোৱাৰ্টাৰ ফাইনেলৰ পূৰ্বে ৩টা ৰাউণ্ডত খেল অনুষ্ঠিত হ’ব। প্ৰথম ৰাউণ্ডটো ১৭-২০ ফেব্ৰুৱাৰীৰ ভিতৰত, দ্বিতীয় ৰাউণ্ড ২৪-২৭ ফেব্ৰুৱাৰীৰ পৰা আৰু তৃতীয় ৰাউণ্ড ৩-৬ মাৰ্চৰ ভিতৰত খেলা হ’ব। প্ৰতিযোগিতাখনৰ দ্বিতীয় পৰ্যায়ত নকআউট মেচ অনুষ্ঠিত হ’ব, যিবোৰ IPLৰ পিছত ৩০ মে’ৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।