আউনীআটি-সত্ৰৰ মণিকাঞ্চন ৰংগক্ষেত্ৰত আজিৰে পৰা ১৫ দিনীয়াকৈ অনুষ্ঠিত হৈছে অসম ভাওনা সমাৰোহ’ ২০২২। ২০০৬ চনৰ পৰা প্ৰতি ২ বছৰৰ অন্তৰে-অন্তৰে আউনীআটি-সত্ৰই অনুষ্ঠিত কৰি আহিছে ভাওনা সমাৰোহৰ।
আজিৰে পৰা আৰম্ভ হোৱা ভাওনা সমাৰোহত ২৮ খন ভাওনা প্ৰতিযোগিতাৰ বাবে আৰু এখন প্ৰদৰ্শনীমূলক ভাওনা সৰ্বমুঠ ২৯ খন ভাওনা অনুষ্ঠিত হ’ব। আজি প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে ধৰ্মধ্বজা উত্তোলন কৰে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড’ পীতাম্বৰ দেৱ গোস্বামীয়ে।
ইয়াৰ পাছতেই ক্ষেত্ৰ পৰিভ্ৰমন, মনিকূটৰ দ্বাৰ উন্মোচন, জনগোস্থীয় লোকসকলৰ দ্বাৰা বৰগীত পৰিবেশন, সত্ৰাধিকাৰসকলৰ দ্বাৰা বন্তি প্ৰজ্বলন আদি বিভিন্ন কাৰ্যসূচীৰে শুভাৰম্ভ কৰি বিয়লি ৩ বজাত ভাওনা শুভাৰম্ভ হব।
ভাওনা সমাৰোহৰ লগত সংগতি ৰাখি নাগাৰা নাম, দিহা নাম সমাৰোহ, আলোচনা চক্ৰ, আদি অনুষ্ঠিত হব। এইবছৰ ভাওনা সমাৰোহত ভাওনা সূৰ্য আৰু ভাওনা চন্দ্ৰ উপাধিও প্ৰদান কৰা হব বুলি উদ্যোক্তাসকলে জনাইছে।