অসম ভ্ৰমণৰত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আজি তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ১৯ সংখ্যক দীক্ষান্ত সমাৰোহত অংশ গ্ৰহণ কৰে। অসম চুক্তিৰ অধীনত স্থাপিত হোৱো তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত ৰাষ্ট্ৰপতিৰ সৈতে তেওঁৰ পত্নী সৱিতা কোবিন্দেও সংগ দিছিল।
সমাৰোহত ৰাজ্যপাল জগদীশ মুখী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত আছিল।
উল্লেখ্য যে তিনিদিনীয়া ভ্ৰমণ সূচীৰে অসম ভ্ৰমণলৈ আহিছে ৰাষ্ট্ৰপতিগৰাকী। আজি পুৱাই কইনাধৰাত ৰাষ্ট্ৰপতিগৰাকীয়ে বৃক্ষৰোপণ কৰে। শুকুৰবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ বছৰযোৰা কাৰ্যসূচীৰ শুভাাৰম্ভণি কৰে।
তেজপুৰৰ পৰা কাজিৰঙালৈ যাব ৰাষ্ট্ৰপতি কোবিন্দ। ২৭ ফেব্ৰুৱাৰী পুৱা ৫.৫০ বজাৰ পৰা ৭.৫০ বজালৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী ছাফাৰী কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। ৰাষ্ট্ৰপতিৰ অৱতৰণৰ বাবে বোকাখাত ৰাজহুৱা খেলপথাৰত নিৰ্মাণ কৰা হৈছে অস্থায়ী হেলিপেড।