ঋণগ্ৰহণকাৰী সকলৰ সুবিধার্থে অসমৰ অন্যতম অনা বেংকিং বিত্তীয় প্ৰতিষ্ঠান চমুকৈ এন.বি.এফ.চি.ইক’ ফাইনেন্স “অমৰ শক্তি কমাৰ্চ এণ্ড ইণ্ডাষ্ট্রিজ লিমিটেড” ৰ উদ্যোগত আজিৰে পৰা পৰা ৩১ মার্চলৈ এমহীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে মেগা লোণ ৰিষ্ট্রাকচাৰিং মেলা। এক বিবৃতিযোগে ইক’ ফাইনেন্সৰ পৰিচালন সঞ্চালক কুমাৰ গৌৰৱে কয় একে সময়তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাইপাছত থকা মুখ্য কাৰ্যালয়কে ধৰি অসমৰ বিভিন্ন জিলাত থকা ৩০ টা শাখা কাৰ্যালয়ত এই মেলা আৰম্ভ হৈছে ।
ইক’ ফাইনেন্সৰ পৰিচালনা সঞ্চালক কুমাৰ গৌৰৱে কয় যে, “ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি লোণ ৰিষ্ট্রাকচাৰিঙৰ অধীনত আমাৰ ঋণগ্ৰহণকাৰীসকলৰ বাবে আমি এক উত্তম আঁচনি গঠন কৰিছো, য’ত তেওঁলোকে জৰিমনা আৰু শাস্তিমূলক সুতত ৫০% ৰেহাই লাভ কৰিব পাৰিব। একে সময়তে নতুন ঋণৰ সৈতে ঋণৰ ধনৰাশি ৰিষ্ট্রাকচাৰিং কৰাৰ পিচত ঋণগ্রহণকাৰীয়ে ৪% কম সুদৰ হাৰত ঋণ লাভ কৰিব, যিয়ে তেওঁলোকৰ ধন ৰাহি কৰাত সহায় কৰিব । যদিহে কোনোৱে ইচ্ছাকৃতভাৱে আগবাঢ়ি নাহে আৰু গ্ৰহণ কৰা ধনৰাশি সময়ত আদায় নিদিয়ে, তেন্তে এনে ইচ্ছাকৃতভাৱে ধন আদায় নিদিয়া ব্যক্তিৰ বিৰুদ্ধে এন.বি.এফ.চি. হিচাপে ইক’ ফাইনেন্সে আইনী ব্যৱস্থা গ্ৰহণ কৰিব।”
আনহাতে মেলাখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ ইক’ ফাইনেন্সৰ মুখ্য মহা প্ৰবন্ধক ৰমেন কলিতা আৰু প্ৰাঞ্জল মজুমদাৰক দায়িত্ব অর্পণ কৰা হৈছে বুলি কুমাৰ গৌৰৱে সদৰি কৰে ।