নদীৰ পাৰত জমা হৈ থকা বা পানীত উটি ভাঁহি অহা পেলনীয়া আৱৰ্জনাই মানৱ জীৱনৰ লগতে জীৱ জন্তুৰো বিস্তৰ ক্ষতি সাধন কৰি আহিছে। এনে ধৰণৰ পৰিৱেশ প্ৰদূষণ ৰোধৰ চেষ্টাৰে ৰাইজৰ মাজত সচেতনতা সৃষ্টি কৰাৰ বাবে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ বায়ু শাখাৰ গুৱাহাটী বিশ্ববিদ্যালয়স্থিত ৫০ আসাম এয়াৰ স্কোৱাদ্ৰোণ NCC ইউনিটে ৬ এপ্ৰিলত এক সমাজ সেৱামূলক আৰু সামূহিক উন্নয়নৰ কাৰ্যসূচী গ্ৰহণ কৰিছে।
ইউনিটৰ কমাণ্ডিং অফিচাৰ, গ্রুপ কেপ্তেইন ৰাজীৱ বিষয়ে জানিবলৈ দিয়া মতে ৬ এপ্ৰিলত পুৱা ৯.৩০ বজাত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত থকা ইউনিট কাৰ্যালয়ৰ সন্মুখৰ পৰা প্ৰায় দুই কিঃমিঃ নিলগত থকা শৰাইঘাট দলঙৰ দক্ষিণ দিশত থকা পাণ্ডুঘাটলৈ কেডেট সকলে এক সজাগতা সমদল উলিয়াব। তাৰ পাছত কেডেট সকলে নদীৰ পাৰত থকা প্লাষ্টিকৰ বটল, পেলনীয়া সামগ্ৰী, জাৱৰ – যোথৰ, আৱৰ্জনা সমূহ চাফ চিকুণ কৰাৰ লগতে সাধাৰণ নাগৰিকক ইয়াৰ অপকাৰীতাৰ বিষয়ে সজাগ কৰিবলৈ প্ৰয়াস কৰিব।