কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীলৈ এগৰাকী বৃদ্ধৰ জীৱনৰ সকলো আৰ্জিত ধন হস্তান্তৰ কৰা ঘটনাই সমগ্ৰ দেশতে ব্যাপক চৰ্চা চলিছে। ডেৰাডুনৰ এটা বৃদ্ধ আৱাসত থকা ৭৯ বছৰীয়াই বৃদ্ধাগৰাকীয়ে তেওঁৰ সম্পত্তিৰ মালিকিস্বত্ব ৰাহুল গান্ধীলৈ হস্তান্তৰ কৰি ন্যায়ালয়ত ইচ্ছাপত্ৰ দাখিল কৰিছে।
ডেৰাডুনৰ ডালনৱালা অঞ্চলত থকা প্ৰেম ধাম অ’ল্ড এজ হোমত থকা ৭৯ বছৰীয়া পুস্পা মুঞ্জিয়ালে তেওঁৰ সম্পত্তিৰ মালিকিস্বত্ব ৰাহুল গান্ধীলৈ প্ৰদান কৰিছে। পুষ্পা মুঞ্জিয়ালে মুঠ ৫০ লাখ টকাৰ ফিক্সড ডিপোজিতৰ লগতে ১০ তোলা সোণ ৰাহুল গান্ধীৰ নামত দান কৰিছে। পুষ্পা মুঞ্জিয়ালে ৰাহুল গান্ধীক তেওঁৰ সম্পত্তি হস্তান্তৰ কৰা সন্দৰ্ভত কয় যে, তেওঁ গান্ধী পৰিয়ালৰ দ্বাৰা প্ৰভাৱিত। ৯ বছৰ পূৰ্বৰে পৰা ফিক্সড ডিপোজিত কৰিবলৈ আৰম্ভ কৰিছিল। এই ফিক্সড ডিপোজিত কৰাৰ সময়তে তেওঁ ৰাহুল গান্ধীৰ নাম নমিনি হিচাপে দিছিল।
সোমবাৰে পুষ্পা মুঞ্জিয়ালয়ে এই সকলো সম্পত্তি মালিকিস্বত্ব ৰাহুল গান্ধীৰ নামলৈ কৰি ন্যায়ালয়ত ইচ্ছাপত্ৰ দাখিল কৰে। উল্লেখ্য যে, পুষ্পা মুঞ্জিলা এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী। চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত ১৯৯৯ চনৰ পৰা তেওঁ বৃদ্ধ আৱাসত বাস কৰি আহিছে। এক দুৰ্ঘটনাত তেওঁ হেৰুৱাইছে তেওঁৰ দৃষ্টি শক্তি। সোমবাৰে পুষ্পাই ডেৰাডুন মহানগৰ সভাপতি লালচান্দ শৰ্মা আৰু যোগ প্ৰশিক্ষক সীমা জ’হৰৰ উপস্থিতিত তেওঁৰ ইচ্ছাপত্ৰ কংগ্ৰেছৰ প্ৰাক্তন প্ৰদেশ সভাপতি প্ৰীতম সিঙক তেওঁৰ বাসগৃহত প্ৰদান কৰিছে।