১ পাঁচদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হয় ওম বিৰলা
পাঁচদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰে নিশা গুৱাহাটীত উপস্থিত হ’ল লোকসভাৰ অধ্যক্ষ ওম বিৰলা । বৰঝাৰ বিমান বন্দৰত আহি উপস্থিত হোৱাৰ লগে লগে অধ্যক্ষগৰাকীক আদৰণি জনায় অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, উপাধ্যক্ষ ডাঃ নোমল মমিন আৰু বিধানসভাৰ প্ৰধান সচিব হেমেন দাসে ।
২ অসমৰ ৫০ জনকৈ শ্ৰমিক বন্দী হৈ আছে অন্ধপ্ৰদেশত
কৰ্মসংস্থাপনৰ বাবে নগাঁৱৰ পৰা যোৱা প্ৰায় ৫০ জন লোকক অন্ধপ্ৰদেশত বন্দী কৰি ৰখাৰ চাঞ্চল্যকৰ ঘটনা অলপতে পোহৰলৈ আহিছে ৷ বিগত চাৰি দিন ধৰি এখন হোটেলত বন্দী কৰি ৰখা হৈছে অন্ধপ্ৰদেশত৷ বন্দী হৈ থকা লোকে টেলিফোন যোগে ঘটনাৰ বিষয়ে পৰিয়ালৰ লোকক অৱগত কৰাত এই চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে ৷
৩ গুজৰাটত ধৰা পৰিল কৰোনাৰ নতুন ভেৰিয়েণ্ট XEৰ সংক্ৰমণ
গুজৰাটত ধৰা পৰিছে কৰোনাৰ নতুন প্ৰকাৰ এক্সইত আক্ৰান্ত আন এজন ৰোগী। স্বাস্থ্য মন্ত্ৰণালয়ৰ সূত্ৰই এই কথা নিশ্চিত কৰিছে। এই মুহূৰ্তত, সংক্ৰমিত ৰোগীৰ স্বাস্থ্যৰ অৱস্থা কেনেকুৱা সেয়া জানিব পৰা হোৱা নাই। সূত্ৰ অনুসৰি, ৰোগীজন বদোদৰাৰ গোত্ৰী অঞ্চলৰ বাসিন্দা।
৪ কলাক্ষেত্ৰত পিয়ানো কিডছৰ অষ্টম বাৰ্ষিকী উদযাপন
আগশাৰীৰ সংগীত প্ৰতিষ্ঠান পিয়ানো কিডছে ৭ এপ্ৰিল তাৰিখে গুৱাহাটীৰ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এশৰো অধিক প্ৰতিভাশালী যুৱক-যুৱতীয়ে সুন্দৰ পোছাক পৰিধান কৰি পৰিৱেশন কৰা আনন্দদায়ক পিয়ানো সংগীতৰ এক সন্ধিয়াৰ সৈতে ইয়াৰ অষ্টম বাৰ্ষিকী উদযাপন কৰে।
বিহু বুলিলেই অসমীয়াৰ মন বাউলি বিৰিণা । অসমীয়াৰ আদৰৰ ৰঙালী বিহুটি সকলোৰে আপোন । অতীজৰ পৰম্পৰা অক্ষুন্ন ৰাখি হৃদয়ৰ পৰা হৃদয়লৈ সকলোৱে জীয়াই ৰাখিছে প্ৰাণৰ বিহুটি ।
ৰঙালী বিহু সাতদিনীয়াকৈ পালন কৰা হয় ।