গুৱাহাটী বিশ্ববিদ্যালয়ৰ “বিশ্ববিদ্যালয় সপ্তাহ‘ৰ লগত সংগতি ৰাখি বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত যোৱা ২ এপ্ৰিল তাৰিখে স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উপ-সভাপতি নৱদ্বীপ বৰগোহাঁইৰ উদ্যোগত মিছ ভাৰ্ছিটী আৰু মিষ্টাৰ ভাৰ্ছিটী অৰ্থাৎ “বিশ্ববিদ্যালয় সূৰুয” আৰু “বিশ্ববিদ্যায়ৰ জেউতি” প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাখনত বিচাৰকৰ আসন শুৱনি কৰে মিছেছ ইণ্ডিয়া বলিউড ২০২১ তৃষ্ণা কাকতি, মিছ নৰ্থ ইষ্ট ইণ্ডিয়া ২০২১ ৰচালিন এম. যান্থন, সমাজ সেৱিকা ৰ’জী আহমেদ আৰু মিষ্টাৰ মাৰাষ্ট্ৰম ২০১৫ অৰিন্দম বৰুৱা।
ফেশ্বন ডিজাইনৰ হিচাপে উপস্থিত থাকে প্ৰতিক শৰ্মা। প্ৰতিযোগতাখনত মিছ ভাৰ্ছিটী অৰ্থাৎ “বিশ্ববিদ্যালয় জেউতি” খিতাপ লাভ কৰে পাহি মহন্তই আৰু মিষ্টাৰ ভাৰ্ছিটী অৰ্থাৎ “বিশ্ববিদ্যালয় সূৰুয” খিতাপ অৰ্জন কৰে সজাগ বৰায়। প্ৰতিযোগিতাখন পৰিচালনাত অৱদান যোগাইছিল ফেশ্বন ক’ৰিঅ গ্ৰাফাৰ ৰিজু মিলাৰে।